বাক্সাত এগৰাকী উছু খেলুৱৈৰ জীৱন সংগ্ৰাম, গৰু বিক্ৰী কৰি ভাগ ললে ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত

ডিজিটেল ডেক্সঃ বাক্সা জিলাৰ সূৱণখাটাৰ অতি দৰিদ্ৰ পৰিয়ালৰ এগৰাকী উছু খেলুৱৈয়ে গৌৰৱ কঢ়িয়াই আনিলে অসমলৈ ৷ নতুন দিল্লীত অনুষ্ঠিত ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশ লৈ ব্ৰঞ্জৰ পদক লাভেৰে সন্মান আজুৰি আনিবলৈ সক্ষম হ’ল খেলুৱৈ কেশৱ ব্ৰহ্ম। কেশৱ ব্ৰহ্মই বিগত তিনি বছৰে নিকাছীত দানস্ৰাং বড়োৰ তত্বাৱধানত প্ৰশিক্ষণ গ্ৰহন কৰি কঠোৰ অনুশীলন কৰি আহিছে।

কিন্তু পৰিয়ালৰ আৰ্থিক দীনতাৰ বাবে এতিয়া থমকিব লগীয়া হৈছে প্ৰতিভাৱান খেলুৱৈ গৰাকী ৷ সাধাৰণ খেতি বাতিৰে পৰিয়াল পোহপাল দিয়া পিতৃয়ে দিব নোৱাৰে আৰ্থিক সকাহ। এই ক্ষেত্ৰত নাই কোনো চৰকাৰী সাহাৰ্যও ৷ যাৰবাবে নতুন দিল্লীত অনুষ্ঠিত ৰাষ্ট্ৰীয় উছু প্ৰতিযোগিতাত অংশ লবলৈ বিক্ৰী কৰিবলগীয়া হৈছে নিজৰ পোহনীয়া গৰু ৷

গৰু বিক্ৰী কৰি পোৱা ধন লৈ কেশৱ ব্ৰহ্মই অংশ লৈছিল ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ৷ দৰিদ্ৰতাৰ বাবে এতিয়া প্ৰতিভাবান খেলুৱৈ কেশৱ ব্ৰহ্মই এখোজ আগবাঢ়ি দুখোজ পিছুৱাবলগীয়া হৈছে ৷ সি সময়ত চৰকাৰে ৰাজ্যখনক এখন ক্ৰীড়া প্ৰধান ৰাজ্য হিচাপে গঢ়ি তুলিব বুলি ঘোষনা কৰিছে তেনে সময়তে বাক্সাৰ এইগৰাকী প্ৰতিভাৱান খেলুৱৈয়ে ধনৰ অভাৱত থমকি ৰব লগীয়া হৈছে ৷

BaksaDA News PlusGraplingPlayer
Comments (0)
Add Comment