ৰাষ্ট্ৰীয় খেলুৱৈসহ ৫ যুৱতী-মহিলা আলফা স্বাধীনলৈ

ডিজিটেল ডেস্কঃ বক্সিং ৰিং এৰি পৰেশ বৰুৱাৰ কাষত খেলুৱৈ। ৰাষ্ট্ৰীয় খেলুৱৈসহ ৫গৰাকী যুৱতীয়ে যোগদান কৰিলে আলফাত। আলফাত যোগ দিলে গোগামুখৰ সবিতা চেতিয়াই। সবিতা ৰাষ্ট্ৰীয় পৰ্যায়ৰ স্বীকৃত বক্সিং খেলুৱৈ। লালুকৰ শৰ্মিষ্ঠা শইকীয়া নামৰ এগৰাকীও আলফালৈ। বক্সিং খেলুৱৈ নয়নমণি চেতিয়াও আলফা স্বাধীনলৈ। নয়নমণি ওৰফে ইহমৰ ঘৰ তিনিচুকীয়া চাংমাইগাঁৱত। ৩ দিন ধৰি সন্ধানহীন হৈ আছে নয়নমণি চেতিয়া।

বহু ৰাজ্যিক পদক জিনিছিল কিক বক্সাৰগৰাকীয়ে। ৭ বছৰীয়া এটা পুত্ৰক এৰি থৈ গৈছে নয়নমণিয়ে। তিনিচুকীয়া থানাত কৰ্মৰত হোমগাৰ্ডৰ পত্নী নয়ন। মৰিগাঁৱৰ এগৰাকী যুৱতীও আলফা স্বাধীনলৈ। আন এগৰাকী মাজুলীৰ যুৱতী বুলি জানিব পৰা গৈছে।

DA News PlusULFA
Comments (0)
Add Comment