তিতাবৰ আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰত কৃষক দিৱস উদযাপন

ডিজিটেল ডেস্কঃ বহুমুখী কৃষিকাৰ্যৰ জৰিয়তে আয় বৃদ্ধি কৰি কৃষকসকলে নিজকে আত্মবিশ্বাসী কৰি কৃষিক এক সন্মানজনক বৃত্তি হিচাপে গ্ৰহণ কৰিব লাগিব মন্তব্য কৰিলে কৃষিমন্ত্ৰী অতুল বৰাই। পৰম্পৰাগত কৃষিৰ দৰে কেৱল ধানখেতিকে খেতি বুলি ভবাৰ পৰিৱৰ্তে আধুনিক পদ্ধতিৰে অধিক উৎপাদন লাভ কৰাৰ দিশত অগ্ৰসৰ হব লাগিব । যোৰহাটৰ তিতাবৰ আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰত আজি অনুষ্ঠিত কৃষক দিৱসৰ কাৰ্যসূচীত অংশ লৈ এই মত ব্যক্ত কৰে কৃষিমন্ত্ৰী অতুল বৰাই।

অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত গৱেষণা কেন্দ্ৰটোৰ মূল চৌহদত অনুষ্ঠিত কাৰ্যসূচীত ভাষণ প্ৰসংগত তেখেতে লগতে কয় যে বতৰ পৰিৱৰ্তনৰ প্ৰেক্ষাপটত আমি নতুন ধৰণেৰে আধুনিক কৃষিৰ জৰিয়তে উৎপাদন বৃদ্ধি কৰি স্বাবলম্বী হৈ ৰপ্তানি বৃদ্ধিত গুৰুত্ব দিব লাগিব ।হাহ কুকুৰা পালন , গাহৰি পালন , মাছ পালন আদিকো অধিকভাবে পালন কৰি কৃষকে আয় বৃদ্ধি কৰিব লাগিব । গাখীৰ- মাংস-কণীৰ ক্ষেত্ৰত ৰাজ্যখনক স্বাবলম্বী কৰাৰ বাবে চৰকাৰে লোৱা পদক্ষেপ সমুহত কৃষক সকলৰ বাবে চৰকাৰীভাবে আগবঢ়োৱা সুবিধাসমুহ গ্ৰহণ কৰি সহযোগ কৰিবলৈকো আহ্বান জনাই ।

প্ৰাৰম্ভিকভাবে কৃষকৰ আয় দুগুণ কৰাৰ দিশত শ্ৰম কৰিব লাগিব বুলি কয় । তিতাবৰ আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰৰ মুখ্য বিজ্ঞানী ড° সঞ্জয় কুমাৰ চেতিয়াই উদ্দেশ্য বাখ্যা কৰা কৃষক দিৱসৰ মুল সভাখনত বক্তব্য ৰাখি অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° বিদ্যুত চন্দন ডেকাই কয় যে আন্তৰাষ্ট্ৰীয় বজাৰত যথেষ্ট সমাদৰ থকা কলা ধানৰ নতুন জাত বিশ্ববিদ্যালয়ে উদ্ভাৱন কৰিছে । মধুমেহ ৰোগ প্ৰতিৰোধী ভাত খাব পৰা এই ক’লাধানে অসমৰ কৃষিক্ষেত্ৰত বৈপ্লবিক পৰিৱৰ্তন সাধনৰ লগতে আন্তৰাষ্ট্ৰীয় বজাৰত সমাদৰ পাব বুলি আশা কৰা হৈছে ।

Atul BoraDA News Plus
Comments (0)
Add Comment