ক’ভিডত পিতৃ মাতৃক হেৰুওৱা ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিৰ বাবে কটনৰ বিশেষ ব্যৱস্থা

ডিজিটেল ডেস্কঃ কভিড মহামাৰীৰ ফলত পিতৃ-মাতৃহাৰা হোৱা শিক্ষাৰ্থীসকলৰ বাবে কটন বিশ্ববিদ্যালয়ৰ ফালৰ পৰা ২০২১-২২ বৰ্ষৰ স্নাতক আৰু স্নাতকোত্তৰ শিক্ষাৰ্থীসকলৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

এই সুবিধাৰ অধীনত যিসকল ছাত্ৰ-ছাত্ৰীয়ে নামভৰ্তি কৰিব বিচাৰে তেওঁলোকে ১৫ নৱেম্বৰ ২০২১ৰ ভিতৰত এখন আবেদন পত্ৰ আৰু যোগ্যতা পৰীক্ষাৰ প্ৰমাণপত্ৰ ছাত্ৰ কল্যাণ বিভাগত প্ৰেৰণ কৰিব লাগিব।

আবেদন পত্ৰৰ সৈতে পিতৃ বা মাতৃৰ মৃত্যুৰ কাৰণ কভিড-১৯ বুলি উল্লেখ কৰা চিকিৎসা প্ৰমাণপত্ৰ থাকিব লাগিব আৰু প্ৰায়জনীয় নথি পত্ৰসমূহ স্কেন কৰি ec.ug@cottonuniversity.ac.in (স্নাতক) আৰু ec.pg@cottonuniversity.ac.in (স্নাতকোত্তৰ) ত ইমেইলযোগে আবেদনকাৰী সকলে প্ৰেৰণ কৰিব পাৰিব।

AssamCotton UniversityDA News Plus
Comments (0)
Add Comment