উড়ান আঁচনি সন্দৰ্ভত চন্দ্ৰমোহন পাটোৱাৰীৰ ঘোষণা,গুৱাহাটীৰ পৰা বিদেশলৈ চলিব বিমান

ডিজিটেল ডেস্কঃ উড়ান আঁচনি সন্দৰ্ভত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ ঘোষণা। গুৱাহাটীৰ পৰা পুনৰ আন্তৰ্জাতিক বিমান সেৱা আৰম্ভ হ’ব। এই কথা ঘোষণা কৰিলে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। তেঁও কয়, ‘আগতে গুৱাহাটীৰ পৰা ঢাকালৈ আন্তৰ্জাতিক বিমান চলিছিল। যাত্ৰী নথকাৰ বাবে বন্ধ হৈছিল সেই সেৱা। কেন্দ্ৰই পুনৰ আন্তৰ্জাতিক বিমান সেৱাৰ বাবে সাহায্য দিছে।’

এতিয়াৰে পৰা গুৱাহাটীৰ পৰা ৬খন আন্তৰ্জাতিক বিমান চলিব। ইয়াৰ বাবে কেন্দ্ৰৰ পৰা বিচৰা হৈছিল ১০০ কোটি টকা। বৰ্তমানলৈ মুকলি কৰি দিয়া হৈছে ১০কোটি ৯০ লাখ টকা ক’ভিডৰ বাবে আৰম্ভ হোৱা নাই আন্তৰ্জাতিক বিমান সেৱা। পৰিৱেশ সুচল হ’লেই আৰম্ভ হ’ব এই সেৱাৰ।

DA News Plus
Comments (0)
Add Comment