বহু কেইটা দাবীৰে ৰাভা জনগোষ্ঠীয় সংগঠনৰ চাইকেল সমদল

ডিজিটেল ডেস্কঃ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদক ভাৰতীয় সংবিধানত অন্তৰ্ভুক্ত কৰাৰ দাবীত চাইকেল সমদল ৷ এই দাবীৰ লগতে জনজাতীয় লোকৰ ভূমিৰ অধিকাৰ চৰকাৰে কাঢ়ি ল’ব খোজাৰ বিৰোধীতাৰে দেওবাৰে কামৰূপৰ ৰাণীৰ পৰা চাইকেল সমদল উলিয়াই ৰাভা জনগোষ্ঠীৰ সংগঠনে ৷

দীৰ্ঘদিন ধৰি ৰাভা স্বায়ত্ব শাসিত পৰিষদক ভাৰতীয় সংবিধানত ৬ষ্ঠ অনুসুচিত অন্তৰ্ভুক্ত কৰাৰ দাবীৰে আন্দোলন কৰি আহিছিল বিভিন্ন ৰাভা সংগঠনে ৷ চৰকাৰে ইয়াৰ প্ৰতি কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ কৰি দেওবাৰে উলিওৱা হয় চাইকেল সমদল ৷ দুদিন ধৰি এই সমদল কৰিব ৰাভা সংগঠনসমূহে ৷

DA News Plus
Comments (0)
Add Comment