কাছাৰত মহিলাক দলবদ্ধ ধৰ্ষণ কৰি কাটি পেলালে হাতৰ আঙুলি

ডিজিটেল ডেস্কঃ কাছাৰৰ ধলাইত সংঘটিত হৈছে জঘন্য কাণ্ড ৷ দলবদ্ধ ধৰ্ষণ কৰি কাটি পেলোৱা হ’ল মহিলাৰ হাতৰ আঙুলি ৷ ন্যায় বিচাৰি হাবাথুৰি খাইছে ধৰ্ষিতাই ৷ আৰক্ষীয়ে ধৰ্ষণকাৰীক ৰক্ষণাবেক্ষণ দিয়াৰ গুৰুতৰ অভিযোগ উঠিছে ৷ ধলাইৰ পুনিহাৱাইত ২৪ অক্টোবৰত ঘটিছিল এই জঘন্য ঘটনা ৷

ভুক্তভোগী মহিলা গৰাকীৰ অভিযোগ অনুসৰি সেইদিনা নিশা সন্তানক লৈ ঘৰত অকলে থকা অৱস্থাত স্থানীয় মনিৰ উদ্দিন আৰু ৰিয়াজ উদ্দিন নামৰ দুই যুৱকে ঘৰত প্ৰবেশ কৰে৷ এই দুই যুৱকে প্ৰথমে মহিলাগৰাকীৰ সন্তানৰ ডিঙিত দা লগাই হুলস্থুল নকৰিবলৈ ধমকি দিয়ে৷ আৰু ইয়াৰ পিছতে মহিলাগৰাকীক ধৰ্ষণ কৰে৷

যুৱক দুজনে ঘৰটোৰ পৰা ওলাই যোৱাৰ সময়ত চোকা অস্ত্ৰৰে কাটি দিয়ে মহিলা গৰাকীৰ চাৰিটা আঙুলি ৷ মহিলাগৰাকীয়ে ঘটনা সন্দৰ্ভত স্থানীয় আৰক্ষীৰ কাষ চাপিছে যদিও আৰক্ষীয়ে কোনো সহাৰি জনোৱা নাই বুলি অভিযোগ উঠিছে ৷

DA News Plus
Comments (0)
Add Comment