এইবাৰ প্ৰশাসনৰ হাতোৰা পৰিব লামডিং সংৰক্ষিত বনাঞ্চলত

ডিজিটেল ডেস্কঃ হোজাইৰ লামডিং সংৰক্ষিত বনাঞ্চলত সোমবাৰৰ পৰা দুদিনীয়াকৈ চলিব উচ্ছেদ অভিযান ৷ এই উচ্ছেদৰ বাবে এতিয়া পূৰ্ণ প্ৰস্তুতি চলাইছে জিলা প্ৰশাসনে ৷ উচ্ছেদ চলাব লগা অঞ্চলসমূহৰ বাসিন্দাসকলক আঁতৰি যাবলৈ আহ্বান জনাইছে প্ৰশাসনে ৷

কিছুসংখ্যক লোকে ইতিমধ্যে নিজেই থিতাপি লৈছে অস্থায়ী শিবিৰত। বনাঞ্চলখনত বেদখলকাৰীসকলে পাতি লোৱা ৫খনকৈ বনগাঁওত প্ৰশাসনে চলাব উচ্ছেদ অভিযান। যোৱা ৪০ বছৰ ধৰি বনাঞ্চলখনৰ অঞ্চলসমূহত বাস কৰি আহিছিল বহু সংখ্যক লোক ৷ চৰকাৰক আন ঠাইত কৃষিভূমি আৰু বাসস্থলীৰ ব্যৱস্থা কৰি দিয়াৰ বাবে অনুৰোধ জনাইছে এই লোকসকলে ৷

DA News PlusLanka Eviction
Comments (0)
Add Comment