দেশৰ ক্ৰীড়া ক্ষেত্ৰৰ সৰ্বোচ্চ সন্মান লাভ কৰি কি ক’লে লাভলীনাই

ডিজিটেল ডেস্কঃ দেশৰ ক্ৰীড়া ক্ষেত্ৰৰ সৰ্বোচ্চ সন্মান ‘মেজৰ ধ্যানচান্দ খেলৰত্ন বঁটা’ৰে সন্মানিত হোৱাৰ পিছত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অলিম্পিক পদক বিজয়ী বক্সাৰ লাভলীনা বৰগোঁহাইয়ে। অপ্ৰত্যাশিতভাৱেই সৰ্বোচ্চ ক্ৰীড়া সন্মান খেলৰত্ন লাভ কৰা বুলি মন্তব্য কৰিছে লাভলীনাই এই বঁটা লাভ কৰি অত্যন্ত সুখী আৰু ভৱিষ্যতৰ বাবে বহুত প্ৰেৰণা লাভ কৰা বুলি মন্তব্য কৰিছে লাভলীনাই।

ইপিনে অসম চৰকাৰে লাভলীনালৈ আগবঢ়োৱা অসম আৰক্ষীৰ উপ-আৰক্ষী অধীক্ষকৰ চাকৰি গ্ৰহণ কৰিবলৈ আগ্ৰহী বুলিও জানিবলৈ দিয়ে লাভলীনাই। আগন্তক ডিচেম্বৰ মাহৰ ৪ তাৰিখৰ পৰা ইস্তানবুলত অনুষ্ঠিত হবলগীয়া  বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ বাবে বাংগালুৰুত অনুশীলন অব্যাহত ৰখাৰ মাজতে কেইটামান দিনৰ বাবে বৰপথাৰৰ বাৰমুখীয়া গাঁওৰ নিজা বাসগৃহলৈ আহিছে লাভলীনা।

DA News PlusLovlina Borgohain
Comments (0)
Add Comment