ঢকুৱাখনাত খোল-তাল, হৰিনামৰ ধ্বনিৰে মুখৰ আকাশ-বতাহ

ডিজিটেল ডেস্কঃ ঢকুৱাখনাত খোল-তাল, হৰিনামৰ ধ্বনিৰে মুখৰ হ’ল আকাশ-বতাহ ৷ শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ ঘিলামৰা আঞ্চলিক শাখাৰ সোণালী জয়ন্তী উপলক্ষে ঢকুৱাখনাত উৎসৱমুখৰ পৰিৱেশ। তিনিদিনীয়া বৰ্ণাঢ্য কাযৰ্সূচীৰ অংশস্বৰূপে আয়োজিত বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাই সুন্দৰ পৰিৱেশৰ সৃষ্টি কৰিলে ঘিলামৰাত। বিভিন্ন জাতি জনগোষ্ঠীৰ অংশ গ্ৰহণেৰে সাংস্কৃতিক শোভাযাত্ৰাক সুকীয়া মাত্ৰা প্ৰদান কৰে।

১৯৭০ চনতে প্ৰতিষ্ঠা লাভ কৰা আঞ্চলিক শাখাটোৰ সোণালী জয়ন্তী মহোৎসৱ শুকুৰ, শনি আৰু দেওবাৰে অৰ্থাৎ আজি, এই তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে৷ মহোৎসৱৰ প্ৰথমদিনা নাম প্ৰসঙ্গ, বিভিন্ন প্ৰতিযোগিতা আৰু নিশাৰ ভাগত সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হয়। শনিবাৰে ধৰ্মধ্বজা উত্তোলনেৰে অনুষ্ঠানৰ শুভাৰম্ভ হোৱাৰ পিছতে দুপৰীয়া ঘিলামৰা নগৰ সামৰি ভাগৱত ভ্ৰমণ আৰু বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়।

শনিবাৰে নিশা গুৰুজনাৰ অমৰ সৃষ্টি ‘ৰাম বিজয়’ নাট ভাওনা প্ৰদৰ্শন কৰা হয়। দেওবাৰে ধৰ্মালোচনী সভাৰ জৰিয়তে মূল কাৰ্যসূচী সামৰণি পৰিব। এই অনুষ্ঠানত স্থানীয় বিধায়ক নব কুমাৰ দলেৰ লগতে সংঘৰ কেন্দ্ৰীয় সমিতিৰ বহুকেইজন বিষয়ববীয়াই অংশ গ্ৰহণ কৰিব।

DA News Plus
Comments (0)
Add Comment