প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ পুত্ৰক আটক

ডিজিটেল ডেস্কঃ CBI-এ আটক কৰিলে অশোক শইকীয়াক। অশোক শইকীয়াৰ বিৰুদ্ধে আছে দুটাকৈ গোচৰ। দেওবাৰে প্ৰয়াত হিতেশ্বৰ শইকীয়াৰ ঘৰত উপস্থিত হয় CBIৰ দল। সৰুমটৰীয়াৰ বাসগৃহৰ পৰা আটক কৰা হৈছে অশোক শইকীয়াক। জামিনবিহীন গ্ৰেপ্তাৰী পৰোৱানা লৈ যায় CBIৰ দলে। ৩জনীয়া CBIৰ দল উপস্থিত হয় হিতেশ্বৰ শইকীয়াৰ ঘৰত।

উল্লেখ্য যে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ ভাতৃ অশোক শইকীয়া। অশোক শইকীয়াৰ বিৰুদ্ধে আছে পল্টনবজাৰ থানাত এছকাৰ্ড বেংকৰ ঋণ কেলেংকাৰি গোচৰ। 202/98 নম্বৰৰ গোচৰ CBIলৈ হস্তান্তৰ ২০০১ চনত। CBIএ কলকাতা শাখাত ৰুজু কৰে এক গোচৰ। পলাতক হৈ আছিল হিতেশ্বৰ শইকীয়াৰ পুত্ৰ অশোক শইকীয়া।
CBIৰ অভিযানক লৈ তীব্ৰ প্ৰতিক্ৰিয়া ৰাজনৈতিক মহলত। BJPৰ গমনৰ প্ৰস্তাৱ নাকচ কৰিছিল দেৱব্ৰত শইকীয়াই।
দেৱব্ৰত শইকীয়াৰ দাবীত অশোকক ক্লীনশ্বিট দিয়া হৈছিল। অৱশ্যে বেংকৰ ঋণ আদায় দিয়াৰ চাৰ্টিফিকেট দেখুৱালে দেৱব্ৰত শইকীয়াই।

DA News Plus
Comments (0)
Add Comment