মাজুলীৰ লগতে আৰু ক’ত ক’ত হ’ব উপ-নিৰ্বাচন?


ডিজিটেল ডেস্কঃ শাসকপক্ষৰ দাবী- আৰু ৪টাত
বিৰোধীৰ মতে মিছা কৈছে শাসকপক্ষই

মাজুলীত উপ-নিৰ্বাচন হ’ব এয়া নিশ্চিত ৷ কেন্দ্ৰীয় মন্ত্ৰিত্ব লাভ কৰাৰ পিছত মাজুলীৰ বিধায়ক সৰ্বানন্দ সোণোৱালে পদত্যাগ কৰিছিল বিধায়ক পদৰ পৰা ৷ গতিকে আসন্ন উপ-নিৰ্বাচন মাজুলীত ৷ কিন্তু মাজুলীৰ উপ-নিৰ্বাচনৰ লগতে আন কেইবাটাও সমষ্টিত উপ-নিৰ্বাচন অনুষ্ঠিত কৰাৰ কুচ-কাৱাজ গেৰুৱা শিৱিৰত ৷ পুনৰ কংগ্ৰেছৰ বিধয়ক বিজেপিলৈ আনি উপ-নিৰ্বাচন অনুষ্ঠিত কৰাৰ গুজৱ উঠিছে ।


কোন সমষ্টিত চকু দিছে বিজেপিয়ে?
হেঙাৰাবাৰীৰ সূত্ৰই জনোৱা মতে,

ৰহা, তিতাবৰ, বৰক্ষেত্ৰী
প্ৰথম লক্ষ্য বিজেপিৰ ৷ গেৰুৱা শিৱিৰে অংক কৰিছে বিধায়কক দললৈ আনিব পাৰিলে অচিৰেই উপ-নিৰ্বাচন অনুষ্ঠিত কৰি বিজেপিয়ে সমষ্টিসমূহ নিজৰ দখললৈ অনাতো বৰ বেছি কষ্টসাধ্য নহ’ব ৷ ইয়াৰ উপৰিও ৰাজ্যৰ কেইবাটাও সমষ্টি আছে, যিসমূহ সমষ্টিত উপ-নিৰ্বাচন অনুষ্ঠিত হ’বলৈ হ’লে এইমুহূৰ্তত বিজেপি জয়ী হ’ব নে নাই তাক লৈ নিশ্চিত হ’ব পৰা নাই গেৰুৱা বাহিনী ৷ গতিকে তেনে সমষ্টিসমূহত বিৰোধী বিধায়কক বিজেপিৰ মিত্ৰদল অসম গণ পৰিষদত যোগদান কৰোৱাই উপ-নিৰ্বাচনৰ পথ প্ৰশস্ত কৰিব বিচাৰিছে বিজেপিয়ে ৷ তেনে সমষ্টি হ’ব

বকো আৰু ছয়গাঁও

ইপিনে যোৰহাটতো অনুষ্ঠিত হ’ব পাৰে উপ-নিৰ্বাচন ৷ কিয়নো, যোৰহাটৰ বৰ্তমানৰ বিধায়ক তথা প্ৰাক্তন অসম বিধানসভাৰ অধ্যক্ষ হীতেন্দ্ৰ নাথ গোস্বামী নিযুক্ত হ’ব পাৰে ৰাজ্যপাল হিচাপে ৷ যদিহে দেশৰ যিকোনো এখন ৰাজ্যৰ ৰাজ্যপাল হিচাপে হীতেন্দ্ৰ নাথ গোস্বামী নিযুক্ত হয়, তেনেহ’লে যোৰহাটতো হ’ব উপ-নিৰ্বাচন ৷ এই অংকৰেই সমষ্টিটোৰ প্ৰাক্তন কংগ্ৰেছী বিধায়ক তথা প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে বিজেপিৰ টিকটত যোৰহাটৰ উপ-নিৰ্বাচনত অংশগ্ৰহণ কৰিব পাৰে ৷ সূত্ৰই জনোৱা অনুসৰি ইয়াক লৈ ইতিমধ্যে কংগ্ৰেছ নেতাগৰাকীৰে যোগাযোগ অব্যাহত আছে ৷ কিয়নো মৰিয়নীত হোৱা উপ-নিৰ্বাচনত প্ৰদেশ কংগ্ৰেছৰ লগতে AICCৰো প্ৰচণ্ড প্ৰাৰ্থী আছিল ৰাণা গোস্বামী ৷ কিন্তু মৰিয়নীত নিৰ্বাচন খেলাৰ বাবে কোনো কাৰণতে প্ৰস্তুত নহ’ল ৰাণা গোস্বামী ৷ যাক লৈ ৰাণা গোস্বামী বিজেপিগমন বিষয়টো সোমাই গৈছে অধিক চৰ্চালৈ ৷

বিজেপিয়ে ভবামতে সকলো হ’বনে?
বিজেপিৰ প্ৰতিটো দাৱীক নস্যাৎ কংগ্ৰেছৰ

অৱশ্যে কেইবাটাও সমষ্টিৰ উপ-নিৰ্বাচন সন্দৰ্ভত শাসক পক্ষই দাবী কৰি আহিলেও বিষয়টো সন্দৰ্ভত বিজেপিৰ টাৰ্গেটত থকা বিধায়কসকলে এই মুহূৰ্তলৈ মুখ খোলা নাই ৷ স্পষ্টভাৱে কোনেও মানি লোৱা নাই বিজেপিৰ এই দাৱী ৷ কিন্তু ৰাজনীতিত বহু কথা মুকলিকৈ নহয় ৷ হয় কেৱল মাথোঁ নিৰ্বাচন জয়ৰ খেল ৷ অৱশ্যে এই খেলত আম্পায়াৰ কোন হ’ব সেয়া সময়তহে স্পষ্ট হ’ব ৷

DA News Plus
Comments (0)
Add Comment