সীমান্ত শেখৰক চলচ্চিত্ৰ নিগমৰ অধ্যক্ষ নিয়োগত জুবিন গাৰ্গৰ প্ৰতিক্ৰিয়া

ডিজিটেল সংবাদ, নলবাৰীঃ সীমান্ত শেখৰক চলচ্চিত্ৰ উন্নয়ন নিগমৰ অধ্যক্ষ নিয়োগ কৰাত জুবিন গাৰ্গৰ প্ৰতিক্ৰিয়া৷ ‘সীমান্ত শেখৰ ঘাইকৈ সংগীতৰ লগতহে জড়িত, চিনেমাৰ লগত জড়িত মানুহ নহয়৷ যাৰ বাবে চিনেমা জগতৰ বহু লোকে এই ক্ষেত্ৰত অসন্তুষ্টি প্ৰকাশ কৰিছে৷’

‘সকলোৱে বিচাৰিছিল চিনেমাৰে জড়িত এজন অভিজ্ঞ লোকক এই দায়িত্ব দিয়া হওক৷ কিন্তু দায়িত্ব যেতিয়া দিয়া হৈছে সীমান্ত শেখৰে ভালকৈ দায়িত্ব পালন কৰাতো মই বিচাৰো৷ যদিহে সীমান্ত শেখৰে অসমীয়া চিনেমা চোৱা নাই বুলি কৈছে তেন্তে তেওঁ কেনেকৈ অসমীয়া হ’ল?’ এই প্ৰশ্ন জুবিন গাৰ্গৰ৷

DA News PlusSimanta SekharZubeen Garg
Comments (0)
Add Comment