আকৌ বৃদ্ধি হ’ব নেকি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য?

ডিজিটেল ডেস্কঃ

পেট্ৰ’ল ডিজেলৰ দাম হ্ৰাসত ৰাইজৰ সন্তুষ্টি
ৰাজ্য চৰকাৰে হেৰুৱাব ১৩শ কোটিৰ ৰাজহ
আৰু
ৰাইজেই ভৰিব লাগিব এই ৰাজহ!

পেট্ৰ’ল ডিজেলৰ অস্বাভাৱিক মূল্য বৃদ্ধিকলৈ দেশজুৰি চলা তীব্ৰ প্ৰতিক্ৰিয়াৰ পাছত বুধবাৰে নিশাৰ পৰা হ্ৰাস কৰিবলৈ বাধ্য হৈছিল পেট্ৰ’ল ডিজেলৰ মূল্য৷ দেশৰ জনতাৰ প্ৰতিবাদত সেও মানি
কেন্দ্ৰই হ্ৰাস কৰিলে প্ৰতি লিটাৰ পেট্ৰ’লত ৫ টকাকৈ
আনহাতে
প্ৰতিলিটাৰ ডিজেলত হ্ৰাস কৰিলে ১০ টকাকৈ
পেট্ৰ’ল ডিজেলৰ এনে অস্বাভাৱিক মূল্যবৃদ্ধিকলৈ অসমতো তীব্ৰ সমালোচনাৰ সন্মুখীন হ’ল হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ৷
ধাৰাবাহিকভাৱে চলিল আন্দোলন
মূল্যবৃদ্ধিৰ বিৰুদ্ধে চলা গণতান্ত্ৰিক আন্দোলনত শিৰ নত কৰি কেন্দ্ৰৰ সমান্তৰালকৈ ৰাজ্য চৰকাৰেও হ্ৰাস কৰিবলৈ বাধ্য হ’ল পেট্ৰ’ল ডিজেলৰ মূল্য৷ বৃহস্পতিবাৰে নিশাৰ পৰা কাৰ্যকৰী হোৱাকৈ
প্ৰতিলিটাৰ পেট্ৰ’ল-ডিজেলত কমিল ৭ টকাকৈ
আৰু পেট্ৰ’ল ডিজেলৰ মূল্য কিছু পৰিমাণে হ্ৰাস হোৱাৰ পাছত যেন অলপ হ’লেও সকাহ পাইছে ৰাজ্যৰ জনসাধাৰণে৷
চৰকাৰক ধন্যবাদ সৰ্বসাধাৰণৰ
পাছে মূল্য বৃদ্ধিত একো কৰিব লগা নাই যোগানমন্ত্ৰী ৰঞ্জিত দাসৰ৷ কাৰণ
এটাও মগু ডাইল উৎপাদন নহয় অসমত
ৰাজ্য চৰকাৰৰ মূল্য হ্ৰাসৰ সিদ্ধান্তকলৈ মন্ত্ৰী ৰঞ্জিত দাসৰ অকাট্য যুক্তি
মূল্য হ্ৰাস কৰাৰ বাবে ১৩ শ কোটিৰ ৰাজহ হেৰুৱাব লাগিব
মগু ডাইল এটাও উৎপাদন কৰিব নোৱাৰা অসমৰ জনসাধাৰণেই ভৰিব লাগিব চৰকাৰৰ এই ক্ষতি
মূল্য হ্ৰাস কৰাকলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও কৰিলে প্ৰতিক্ৰিয়া৷
মূল্য হ্ৰাস কৰাৰ বাবে প্ৰভাৱ পৰিব ৰাজ্যৰ উন্নয়ণত
তেনেহ’লে আকৌ বৃদ্ধি হ’ব নেকি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য? কেৱল মূল্যবৃদ্ধি কৰিলেহে বৰ্তমানৰ চৰকাৰখনৰ বাবে উন্নয়ণৰ সম্ভৱ নেকি?
তেলত কমাই ডাইলেৰে নিব নেকি পকেটৰ ধন?
এই ক্ষেত্ৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে বিৰোধী দলপতি দেবব্ৰত শইকীয়াই৷
যদি মুখ্যমন্ত্ৰী, যোগানমন্ত্ৰীয়ে কোৱাৰ দৰে মূল্য হ্ৰাস কৰিলেই ৰাজ্যৰ উন্নয়ণত ব্যাপক প্ৰভাৱ পৰে তেনেহ’লে নিশ্চিতভাৱে পুনৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ হ’ব পাৰে অস্বাভাৱিক মূল্য বৃদ্ধি৷ তেনেহ’লে কি দৰে চলিব ৰাজ্যৰ সৰ্বসাধাৰণ৷ ৰাজ্যৰ খাতিখোৱা সকলৰ বাবে এইখন চৰকাৰৰ কিবা দায়িত্ব থাকিবনে?

AssamDA News Plusprice hike
Comments (0)
Add Comment