ছৈয়দ মুস্তাক আলী ট্ৰফী ক্ৰিকেটত গুজৰাটক ৭ উইকেটত পৰাস্ত কৰিলে অসমে

ডিজিটেল ডেস্কঃ ছৈয়দ মুস্তাক আলী ট্ৰফী ক্ৰিকেটত গুজৰাটক পৰাস্ত কৰিছে অসমে৷ গুজৰাটক ৭ উইকেটত পৰাস্ত কৰে অসম দলে৷ গুজৰাটৰ ৯০ ৰানৰ লক্ষ্যত অসমে ৩ উইকেটৰ বিনিময়ত উপনীত হয়৷

অসমৰ পল্লৱ কুমাৰ দাসে ১৭, ডেনিশ দাসে ১৮, অভিষেক ঠাকুৰীয়ে ২৩ ৰাণ সংগ্ৰহ কৰে৷ অধিনায়ক ৰিয়ান পৰাগে অপৰাজিত ২০ ৰানৰ বৰঙণি আগবঢ়ায়৷ ইয়াৰ পূৰ্বে প্ৰথমে বেট ধৰি গুজৰাটে ১৯.২ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ৮৯ ৰানতে ইনিংছ সামৰে৷

অসমৰ মুখতাৰ হুছেইনে ৩টা আৰু প্ৰীতম দাস, ৰাজাকুদ্দিন আহমেদ আৰু ৰিয়ান পৰাগে ২টাকৈ উইকেট দখল কৰে৷ খেলখন দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল৷


AssamCricketDA News PlusGujarat
Comments (0)
Add Comment