কালী মাক আৰাধনাৰে ৰাজ্যবাসীয়ে আদৰিছে দীপাৱলীক,ফটকা ফুটোৱাত কি কি নিষেধাজ্ঞা জাৰি কৰিছে প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডে

ডিজিটেল ডেস্কঃ আজি কালী পূজা ৷ কালী মাক আৰাধনাৰে ৰাজ্যবাসীয়ে আদৰিছে দীপাৱলীক ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ কালী মন্দিৰসমূহত ভিৰ কৰিছে ভক্তই ৷ মাটিৰ চাকিৰ পোহৰেৰে জিলিকি উঠিছে চৌপাশ ৷

এইবাৰ দেৱালীত ফটকা ফুটোৱাত নিষেধাজ্ঞা জাৰি কৰিছে প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডে ৷ সাধাৰণতে ফুটোৱা ফটকাৰ পৰিৱৰ্তে ব্যৱহাৰ কৰিব লগিব গ্ৰীন ক্ৰেকাৰ ৷ এই কথা স্পষ্ট কৰি দিছে প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ সদস্য সচিব শান্তনু কুমাৰ দত্তই ৷ গ্ৰীন ক্ৰেকাৰ কেনেদৰে চিনাক্ত কৰিব লাগিব সেই কথাও স্পষ্ট কৰি দিছে সদস্য সচিবগৰাকীয়ে ৷

DA News Plus
Comments (0)
Add Comment