বটদ্ৰৱাত তালিবানী শাস্তি এগৰাকী মহিলাক

ডিজিটেল ডেস্কঃ নাৰী সুৰক্ষাৰ ক্ষেত্ৰত প্ৰশাসন যিমানেই কঠোৰ হৈছে, কিন্তু এতিয়াও নিৰাপদ নহয় নাৰী সমাজ ৷ বটদ্ৰৱাত গাঁওৰক্ষী বাহিনীৰ সম্পাদকে হাত-ভৰি বান্ধি তালিবানী শাস্তি দিলে এগৰাকী মহিলাক ৷ অভিযোগ অনুসৰি বটদ্ৰৱাৰ কদমণি গাঁৱত ঘৰত কোনো নথকাৰ সুযোগ লৈ যৌন নিৰ্যাতনৰ অপচেষ্টা চলাইছিল আছাদুল মোল্লা নামৰ এজনে ৷

আছাদুলৰ কবলৰ পৰা নিজকে বচোৱাৰ চেষ্টা কৰি চিঞৰ-বাখৰ কৰোতে গাঁওৰক্ষী বাহিনীৰ সম্পাদকৰ উপস্থিতিতেই মহিলাগৰাকীক মুৰ্গীৰ চোৰ সজাই ওলোটাই নিৰ্যাতন চলাই একাংশই৷ ঘটনাৰ সন্দৰ্ভত ভুক্তভোগী মহিলাগৰাকীয়ে ৭জন লোকৰ বিৰুদ্ধে ৰুজু কৰিছে এজাহাৰ ৷

DA News Plus
Comments (0)
Add Comment