বৃহস্পতিবাৰে মুকলি হ’ব দিছপুৰ ছুপাৰ মাৰ্কেটৰ উৰণীয়া সেতু

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে মুকলি হ’ব দিছপুৰ ছুপাৰ মাৰ্কেটৰ উৰণীয়া সেতু ৷ ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে নিৰ্মাণ কাৰ্য ৷ আটকধুনীয়াকৈ সজাই তোলা হৈছে নৱনিৰ্মিত সেতুখন ৷ উৰণীয়া সেতুত উদ্ভাসিত হৈছে ৰাজ্যৰ চহকী কৃষ্টি-সংস্কৃতি ৷ প্ৰতিটো জাতি-জনজাতিৰ পৰম্পৰাকো তুলি ধৰা হৈছে উৰণীয়া সেতুত ৷

কেইবাগৰাকী চিত্রশিল্পীয়ে অংকণ কৰা চিত্ৰৰে সজাই পৰাই তুলিছে উৰণীয়া সেতুখন। কিন্তু মুকলিৰ পূৰ্বেই একাংশ অসচেতন লোকে পিক পেলোৱাৰ কাৰ্যত ক্ষোভ উজাৰে চিত্রশিল্পীসকলে। দেৱালত অংকন কৰা চিত্রসমূহ পিকাই লেতেৰা নকৰিবলৈ আহ্বান শিল্পীসকলৰ।

DA News Plus
Comments (0)
Add Comment