T-20 বিশ্বকাপত আজি আফগানিস্তানৰে মুখামুখি হ’ব টীম ইণ্ডিয়া

ডিজিটেল ডেস্কঃ T-20 বিশ্বকাপত আজি আফগানিস্তানৰে মুখামুখি হ’ব টীম ইণ্ডিয়া৷ প্ৰতিযোগিতাৰ প্ৰথম দুয়োখন খেলত শোচনীয়াভাৱে পৰাজয় বৰণ কৰা টীম ইণ্ডিয়াৰ বাবে আজিৰ মেচখন কেৱল সন্মান ৰক্ষাৰ যুঁজেই নহয়, অস্তিত্ব ৰক্ষাৰ যুঁজ হিচাপেও চিহ্নিত হৈছে ৷ আজিৰ মেচখনত ভাৰতৰ জয়ৰ কোনো বিকল্প নাই৷ কেৱল জয় হ’লেই নহ’ব বৃহৎ ব্যৱধানত জয়ৰ প্ৰয়োজন ভাৰতক ৷

অৱশ্যে আফগানিস্থানক পৰাস্ত কৰিলেও ভাৰতৰ বাবে বিশ্বকাপৰ যাত্ৰা মশ্ৰিণ নহয় ৷ কিয়নো পৰৱৰ্তী আফগানিস্তান আৰু নিউজিলেণ্ডৰ মেচখনৰ ওপৰত ভাৰতৰ ভাগ্য নিৰূপণ কৰিব৷ সেই মেচখনত আফগানিস্তানে নিউজিলেণ্ডক পৰাস্ত কৰিলেহে ভাৰতৰ বাবে ছেমি ফাইনেলৰ পথ খোল খাব৷ অৰ্থাৎ এইবাৰৰ T-20 বিশ্বকাপত ভাৰতৰ যাত্ৰা এতিয়া অতিকে দুৰ্গম হৈ পৰিছে ৷

আজি ভাৰতীয় সময় অনুসৰি সন্ধিয়া ৭.৩০ বজাত আবুধাবিৰ ছেইখ জায়েড ষ্টেডিয়ামত অনুষ্ঠিত হ’ব মেচখন৷

AfghanistanDA News PlusIndiaT20 worldCup
Comments (0)
Add Comment