ঘৰ ভাড়াত দিলে জনাব লাগিব চৰকাৰক!

ডিজিটেল ডেক্সঃ ৰাজ্যত বলবৎ হৈছে ভাৰাঘৰ সম্পৰ্কীয় নতুন আইন৷ এতিয়াৰে পৰা কেৱল চুক্তিপত্ৰৰ দ্বাৰাহে নিজৰ ঘৰ ভাৰাত দিব পাৰিব মালিকে৷ ঘৰভাৰা দিয়াৰ সময়ত ঘৰৰ মালিক আৰু ভাৰাতীয়াই সবিশেষ তথ্য জনাব লাগিব চৰকাৰক৷ কিমান টকাত ভাৰা দিছে সেয়াও ঘৰৰ মালিকে জনাব লাগিব চৰকাৰক৷ উভয়পক্ষৰ দ্বাৰা স্বাক্ষৰিত চুক্তিপত্ৰখন আপলোড কৰিব চৰকাৰী ৱেবচাইডত৷ ইয়াৰ লগতে চৰকাৰে তেওঁলোকক প্ৰদান কৰিব এটা ইউনিক আইডেণ্টিফিকেশ্যন নম্বৰ৷

ঘৰৰ মালিক আৰু ভাৰাতীয়াৰ আধাৰ আৰু পেন নম্বৰ চৰকাৰক জনাব লাগিব৷ উল্লেখ্য যে ঘৰ ভাৰা দি লাভ কৰা উপাৰ্জনৰ পৰা চৰকাৰক কৰ দিব লাগিব ঘৰৰ মালিকে৷ বিগত কেইমাহমান পূৰ্বে কেন্দ্ৰীয় চৰকাৰে মডেল ভাৰাঘৰ আইনক অনুমোদন জনাইছিল৷ এই আইন ৰাজ্যসমূহত ৰাজ্য চৰকাৰৰ অনুমতি সাপেক্ষে বলবৎ কৰা হ’ব বুলি ঘোষণা কৰিছিল৷ এই আইনখন ইতিমধ্যে বলবৎ কৰিছে অসম চৰকাৰে৷

DA News PlusHouseRent
Comments (0)
Add Comment