যোৰহাটৰ তিতাবৰত বিধ্বংসী অগ্নিকাণ্ড

ডিজিটেল সংবাদ তিতাবৰঃ যোৰহাটৰ তিতাবৰত বিধ্বংসী অগ্নিকাণ্ড।পুৱতি নিশা তিতাবৰ কলেজ তিনি আলিত সংঘটিত হয় এই অগ্নিকাণ্ড।

বিধ্বংসী অগ্নিকাণ্ডৰ ফলত চাৰিখন ব্যৱসায়িক প্ৰতিষ্ঠান সম্পূৰ্ণ ৰূপে ভস্মীভূত হয়। অগ্নিকাণ্ডত ৫ লক্ষাধিক টকাৰ সা-সম্পত্তি বিনষ্ট হয়। চাকি, আতচবাজিৰ পৰা অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।

ৰাইজৰ সহযোগত অগ্নিনিৰ্বাপক বাহিনীয়ে নিৰ্বাপণ কৰে জুই।

DA News PlusTitabor
Comments (0)
Add Comment