এইবাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ সৌন্দৰ্য প্ৰতিযোগিতাত উজলিল অসম কন্যা

ডিজিটেল ডেস্কঃ এইবাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ সৌন্দৰ্য প্ৰতিযোগিতাত উজ্বলিল দেৰগাৱঁৰ জীয়ৰী সম্প্ৰীতি প্ৰাণ হাজৰিকা। মিছ এণ্ড মিছেছ ইণ্ডিয়া নেশ্বনেল প্ৰতিযোগিতাৰ চুড়ান্ত পৰ্যায়ত শ্ৰেষ্ঠ বিজয়ীৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হ’ল দেৰগাৱঁৰ জীয়ৰী সম্প্ৰীতিয়ে।

২৯ অক্টোবৰত DS ক্ৰিয়েচনে গুৱাহাটিত অনুষ্ঠিত কৰা চূড়ান্ত পৰ্যায়ৰ প্ৰতিযোগিতাত এই সন্মান বুটিবলৈ সক্ষম হয় ১৬ বছৰীয়া সম্প্ৰীতি প্ৰাণ হাজৰিকাই। অতি কম বয়সতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফেশ্বন জগতত চমক দিবলৈ সক্ষম হোৱা সম্প্ৰীতিৰ এই সফলতাত আনন্দিত দেৰগাওঁবাসী।

DA News Plusfashion showmiss indiasampriti pran hazarika
Comments (0)
Add Comment