মঙলদৈত আতংক, একেখন শিক্ষানুষ্ঠানৰ ২২গৰাকী শিক্ষাৰ্থী ক’ভিড পজিটিভ

ডিজিটেল ডেস্কঃ ৰাজ্যত পুনৰ ক’ৰনাৰ ভয়াৱহ ৰূপ। মঙলদৈৰ এখন কলেজতে ২২ গৰাকীৰ দেহত ধৰা পৰে ক’ভিডৰ অৱস্থিতি। শনিবাৰে মঙলদৈৰ জ্ঞান বিকাশ একাডেমীৰ শিক্ষক, ছাত্ৰ-ছাত্ৰীকে ধৰি ১৬৫ গৰাকীক ক’ভিড পৰীক্ষা কৰোৱা হৈছিল। তাৰে ২২ গৰাকী ছাত্ৰ-ছাত্ৰীৰ দেহত ধৰা পৰে ক’ভিড পজিটিভ।

দীঘলীয়া বন্ধৰ মূৰত পৰ্য্যায়ক্ৰমে বিদ্যালয় সমূহ খোলাৰ পিছতে একেখন শিক্ষানুষ্ঠানতে ২২ গৰাকী ছাত্ৰ-ছাত্ৰীৰ দেহত ক’ভিড পজিটিভ ধৰা পৰাত জিলাখনত আতংকৰ সৃষ্টি হৈছে।

২২ গৰাকীৰ শিক্ষাৰ্থীৰ দেহত পজিটিভ পোৱাৰ পিছতে ৭ দিনলৈ জ্ঞান বিকাশ একাডেমী বন্ধ কৰাৰ নিৰ্দেশ দিয়ে দৰং জিলা প্ৰশাসনে ।
আনহাতে দৰঙৰ ছিপাঝাৰত অবস্থিত ট্ৰিনিটি কলেজৰ ১৫১ গৰাকী শিক্ষক, ছাত্ৰ-ছাত্ৰীক ক’ভিডৰ পৰীক্ষা কৰোৱা হয়। ইয়াৰে এজনৰ দেহত ধৰা পৰে ক’ভিডৰ অৱস্থিতি।

CovidDA News Plus
Comments (0)
Add Comment