চিকিৎসালয়ৰ সন্মুখতে অবাঞ্ছিত ঘটনা, চিকিৎসালয়ৰ দুৱাৰমুখতে সন্তান প্ৰসৱ এগৰাকী মহিলাৰ

ডিজিটেল ডেস্কঃ চিকিৎসালয়ৰ সন্মুখতে সংঘটিত হ’ল এক অবাঞ্ছিত ঘটনা ৷ বন্ধ চিকিৎসালয়ৰ সন্মুখতে প্ৰসৱ কৰিলে এগৰাকী মহিলাই ৷ ঘটনাক লৈ সৃষ্টি হ’ল উত্তপ্ত পৰিস্থিতিৰ৷ এই ঘটনা সংঘটিত হৈছে গোসাঁইগাঁৱৰ অসামৰিক চিকিৎসালয়ত।

উল্লেখ্য যে, উপ-নিৰ্বাচনৰ বাবে মূল প্ৰৱেশ দুৱাৰ বন্ধ আছিল চিকিৎসালয়খনৰ। মহকুমাধিপতিৰ নিৰ্দেশত বন্ধ আছিল চিকিৎসালয়খনৰ মূল দুৱাৰ। চিকিৎসালয়ৰ মূল দুৱাৰ বন্ধ থকাৰ কথা স্বীকাৰ কৰে চিকিৎসালয়ৰ অধীক্ষকে।
চিকিৎসালয় বন্ধ থকাৰ বাবেই এনেদৰে দুৱাৰমুখতে প্ৰসৱ কৰিবলগীয়া হ’ল মহিলাগৰাকীয়ে।

DA News PlusgossaigaonHospital
Comments (0)
Add Comment