শনিবাৰে ৰাজ্যৰ ভিন্ন প্ৰান্তত সংঘটিত হয় কেইবাটাও অগ্নিকাণ্ড

ডিজিটেল ডেস্কঃ দপদপাই জ্বলিছে এখন বাছ
জুইৰ লেলিহান শিখাই ছানি ধৰিছে বাছখন
কেইমুহূৰ্তমানৰ ভিতৰতে জ্বলি শেষ বাছখন

চৰাইদেউৰ মৰাণৰ সমীপৰ ডোমৰ দলং চাহ বাগিচাত ঘটিছে এই ঘটনা ৷ বাগিচাখনৰ ফেক্টৰীৰ চৌহদতে ৰখাই থোৱা আছিল এই বাছখন ৷ হঠাৎ জুই লাগিল এই বাছখনত ৷ জুয়ে নিমিষতে ছানি ধৰিলে বাছখনক ৷ কেইমুহূৰ্তমানৰ ভিতৰতে জ্বলি ছাৰখাৰ হ’ল বাছখন ৷ বাগিচাৰ শ্ৰমিক অনা-নিয়াত ব্যৱহাৰ কৰা হৈছিল এই বাছখন ৷ চৰকাৰী আৰু অইল ইণ্ডিয়া লিমিটেডৰ অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নুমোৱাৰ চেষ্টা চলাই যদিও ইতিমধ্যে জ্বলি ছাৰখাৰ হয় বাছখন ৷ কি কাৰণত বাছখনত জুই লাগিল সেয়া নিশ্চিত হোৱা নাই যদিও যান্ত্ৰিক বিজুতিৰ ফলতে এই ঘটনা সংঘটিত হোৱা বুলি একাংশই সন্দেহ প্ৰকাশ কৰিছে ৷ আৰক্ষীয়েও এই সংক্ৰান্তত অব্যাহত ৰাখিছে তদন্ত ৷

আনহাতে, তিনিচুকীয়াতো সংঘটিত হয় দুটাকৈ অগ্নিকাণ্ডৰ ঘটনা ৷ তিনিচুকীয়া চহৰৰ বালুগাডাৰ পবন চামৰীয়া নামৰ এজন ব্যৱসায়ীৰ আলকতৰা ফেক্টৰীত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড ৷ কেইবাঘণ্টা ধৰি দপদপাই জ্বলি থাকে এই জুই ৷ অগ্নিনিৰ্বাপক বাহীনীয়ে কেইবাঘণ্টাজোৰা অভিযানৰ অন্তত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়৷ কাৰিকৰী বিজুতিৰ ফলতে জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ কৰা হৈছে ৷ আনহাতে, ফেক্টৰীটোত অবৈধভাৱে তৈলজাতীয় পদাৰ্থ মজুত কৰি ৰখাৰ বাবেও এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে৷ ইফালে, একেটা ফেক্টৰীতে পূৰ্বেও দুবাৰকৈ সংঘটিত হৈছিল অগ্নিকাণ্ড৷ বাৰে বাৰে একেটা ফেক্টৰীতে জুই লগা কাৰ্যত ৰাইজৰ সন্দেহ উপজিছে।

তিনিচুকীয়াৰ চিৰাপট্টিত শনিবাৰে পুৱা সংঘটিত হয় আন এক অগ্নিকাণ্ডৰ ঘটনা ৷ বীৰেন্দ্ৰ গুপ্তা নামৰ ব্যৱসায়ীজনৰ বাসগৃহত সংঘটিত হয় অগ্নিকাণ্ড ৷ জুইত জাহ যায় ৩টাকৈ ভাৰাঘৰ ৷

DA_News_Plus
Comments (0)
Add Comment