ৰাজনীতিত যোগদান কৰিলে টেনিছ খেলুৱৈ লিয়েণ্ডাৰ পেজে

ডিজিটেল ডেস্কঃ টেনিছৰ জৰিয়তে বিশ্বৰ ক্ৰীড়াক্ষেত্ৰত দেশৰ নাম উজলোৱা কিংবদন্তি খেলুৱৈ

লিয়েণ্ডাৰ পেজে অৱশেষত ভৰি দিলে ৰাজনীতিত
তৃণমূল কংগ্ৰেছত যোগদান লিয়েণ্ডাৰ পেজৰ


ৰাষ্ট্ৰীয় ৰাজনীতিত আৰু অধিক দৃঢ়ভাৱে খোপনি পোতাৰ লক্ষ্য লৈছে তৃণমূল কংগ্ৰেছ নেতৃত্বই ৷

তৃণমূল কংগ্ৰেছৰ এইবাৰ লক্ষ্য ২০২২ৰ গোৱা নিৰ্বাচন
গোৱাৰ বহুকেইগৰাকী চেলিব্ৰেটিক অন্তৰ্ভুক্ত দলটোত
লিয়েণ্ডাৰ পেজৰ যোগদানে গোৱাত TMCৰ স্থিতি মজবুত কৰিব


শুকুৰবাৰে মমতা বেনাৰ্জীৰ উপস্থিতিত গোৱাত লিয়েণ্ডাৰ পেজে যোগ দিয়ে তৃণমূল কংগ্ৰেছত ৷ লিয়েণ্ডাৰ পেজৰ এই যোগদানে এতিয়া উৎফুল্লিত কৰি তুলিছে তৃণমূল কংগ্ৰেছৰ নেতৃত্বৰ লগতে কৰ্মীসকলক ৷ ভাৰতৰ তাৰকা ক্ৰীড়াবিদগৰাকীৰ যোগদানে তৃণমূল কংগ্ৰেছৰ স্থিতি কেৱল গোৱাতেই নহয়, সমগ্ৰ দেশতে আৰু অধিক শক্তিশালী কৰিব বুলি আশাবাদী ৰাজনৈতিক দলটোৰ নেতৃত্ব৷

উল্লেখ্য যে, গোৱা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি মমতা বেনাৰ্জীয়ে ৰাজ্যখনত দুদিনীয়া ভ্ৰমণসূচীৰে বাহৰ পাতিছে ৷ তৃণমূল কংগ্ৰেছত যোগদান কৰাৰ বাবে লিয়েণ্ডাৰ পেজক ধন্যবাদ দিলে মমতাই ৷ আনহাতে, দলটোৰ সদস্য হ’বলৈ পাই লিয়েণ্ডাৰ পেজেও সন্তুষ্টি প্ৰকাশ কৰে ৷ উল্লেখ্য যে ইয়াৰ পূৰ্বে বলীউড অভিনেত্ৰী নাফিচা আলী আৰু মৃণালিনী দেশপ্ৰভুৱেও যোগদান কৰিছে তৃণমূল কংগ্ৰেছত ৷

DA News PlusLeander PaesTMC
Comments (0)
Add Comment