বিশিষ্ট চিন্তাবিদ, লেখক, সমাজকৰ্মী হেমন্ত কুমাৰ বৰুৱাৰ মৃত্যু

ডিজিটেল ডেক্সঃ বিশিষ্ট চিন্তাবিদ, লেখক, সমাজকৰ্মী হেমন্ত কুমাৰ বৰুৱাৰ মৃত্যু। পুৱা তেজপুৰৰ এখন ব্যক্তিগত হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট চিন্তাবিদজন।

কিছুদিন ধৰি গুৰুতৰভাৱে অসুস্থ হৈ আছিল হেমন্ত কুমাৰ বৰুৱা। লোকনায়ক অমিয় কুমাৰ দাস কলেজৰ অধ্যাপক আছিল বৰুৱা।মৃত্যুৰ সময়ত হেমন্ত কুমাৰ বৰুৱাৰ বয়স আছিল ৫৮ বছৰ।

ক’ভিড আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল বিশিষ্ট চিন্তাবিদজন।ক’ভিড ভেকচিনৰ দুয়োটা ড’জ লৈছিল হেমন্ত কুমাৰ বৰুৱাই।

DA News PlusDeadHemanta kumar Barua
Comments (0)
Add Comment