মহানগৰীত মাতাল মহিলাৰ তাণ্ডৱ

ডিজিটেল ডেস্কঃ মহানগৰীৰ গণেশগুৰিত মাতাল মহিলাৰ তাণ্ডৱ। এগৰাকী মহিলাই কিছু সময়ৰ বাবে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰি অচল কৰি তোলে ব্যস্ত ৰাজপথেৰে চলাচল। মহিলাগৰাকীয়ে সুৰা সেৱন কৰি গাড়ী ৰখাই ৰাজপথতে শুই পৰে।

ৰাজপথেৰে যোৱা একাংশ লোককো আক্ৰমণ কৰে মহিলাগৰাকীয়ে। ইফালে এই ঘটনাৰ পিছতে বহু সময়ৰ বাবে ৰাজপথত সৃষ্টি হয় যানজঁটৰ। এগৰাকী মহিলা আৰক্ষী আহিহে কোনোমতে মাতাল মহিলাগৰাকীক আতৰাই নিবলৈ সক্ষম হয়।

AssamDA News PlusGaneshguriTenseWoman
Comments (0)
Add Comment