নাম সলনি হ’ল ফেইচবুকৰ, ফেইচবুক কোম্পানীৰ নতুন নাম ‘মেটা’

ডিজিটেল ডেক্সঃ নাম সলনি হ’ল ফেইচবুকৰ৷ দীৰ্ঘদিনীয়া জল্পনা-কল্পনা অৱসান ঘটাই ফেইচবুকৰ বাৰ্ষিক সন্মিলনত ফেইচবুকৰ নতুন নাম ঘোষণা কৰিলে মাৰ্ক জুকাৰবাৰ্গে৷ ফেইচবুক প্ৰতিষ্ঠানক নতুন নাম দিয়া হৈছে ‘মেটা’৷ ফেইচবুক, ইনষ্টাগাম, হোৱাটছএপ আৰু মেছেঞ্জাৰৰ গৰাকী প্ৰতিষ্ঠানক প্ৰাৰম্ভিক পৰ্যায়ত ফেইচবুক কোম্পানী বুলিয়ে নামকৰণ কৰা হৈছিল৷

কিন্তু দীৰ্ঘদিন ধৰি গৰাকী প্ৰতিষ্ঠানটোৰ নাম সলনিক লৈ চিন্তা-চৰ্চা কৰি আছিল ফেইচবুক কৰ্তৃপক্ষই৷ ফেইচবুকৰ নতুন নাম কি ৰখা হ’ব এই বিষয়ে কোনো কথা প্ৰকাশ কৰা নাছিল জুকাৰবাৰ্গৰ সংস্থাটোৱে৷

অৱশেষত বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে ফেইচবুক কোম্পানীৰ নতুন নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে চিইঅ’ মাৰ্ক জুকাৰবাৰ্গে৷ অৱশ্যে কেৱল সংস্থাটোৰ নামহে মেটা ৰখা হৈছে৷ ফেইচবুক এপৰ নাম সলনি নহয় বুলি স্পষ্ট কৰি দিয়া হৈছে সংস্থাটোৰ ফালৰ পৰা৷

DA News PlusFacebookMeta
Comments (0)
Add Comment