ডিব্ৰুগড় আৰক্ষীৰ জালত ৩ গভাইত চোৰ

ডিজিটেল সংবাদ, ডিব্ৰুগড়ঃ ডিব্ৰুগড়ত বৃহৎ পৰিমাণৰ সোণৰ আ-অলংকাৰ জব্দ। শুকুৰবাৰে ডিব্ৰুগড় চহৰৰ মিলন নগৰ আৰক্ষীয়ে অভিযান চলাই বিভিন্ন স্থানৰ পৰা তিনিটাকৈ গভাইত চোৰক গ্ৰেপ্তাৰ কৰাৰ লগতে বৃহৎ পৰিমাণৰ সোণৰ অলংকাৰ জব্দ কৰিবলৈ সক্ষম হয়। ইয়াৰে শংকৰ চৌহান নামৰ চোৰটোৰ বাহিৰে বাকী দুজন নাবালক।

শুকুৰবাৰে চোৰকেইটাৰ পৰা আৰক্ষীয়ে ১১টা মবাইল ছেট, চাৰিডাল সোণৰ চেইন, সোনৰ কাছ, সোণ-ৰূপৰ আঙঠি, দহ যোৰ খাৰু, পুৰণি পাঁচশ টকীয়া নোট, আদিকে ধৰি বহু আপত্তিজনক সামগ্ৰীৰ জব্দ কৰিবলৈ সক্ষম হয়।

চোৰকেইটাই মানকটা লীলাৱতী সোণোৱালকে ধৰি কেইবাটাও পৰিয়ালৰ পৰা নিশা সুযোগ গ্ৰহণ কৰি ঘৰৰ সামগ্ৰী লুট পাট কৰিছিল। ইতিমধ্যে আৰক্ষীয়ে 1990/21 নম্বৰত গোচৰ পঞ্জীয়ন কৰি ভাৰতীয় দণ্ডবিধি আইনৰ 452/380 ধাৰাত সমগ্ৰ ঘটনাৰ তদন্ত কৰি থকা বুলি ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দীপাংকৰ বৰাই জানিবলৈ দিছে।

AssamDA News PlusDibrugarhTheif
Comments (0)
Add Comment