প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰপুৰ তেজপুৰৰ পৰ্য্যটন ক্ষেত্ৰত নতুন সংযোজন

ডিজিটেল ডেস্কঃ প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰপুৰ তেজপুৰৰ পৰ্য্যটন ক্ষেত্ৰখনত নতুন সংযোজন ৷ কাজিৰঙা ব্যঘ্ৰ প্ৰকল্পৰ অন্তৰ্গত ব্ৰহ্মপুত্ৰৰ পাৰৰ ভোমোৰাগুৰি পৰ্য্যটন ক্ষেত্ৰ মঙলবাৰে আনুষ্ঠানিক ভাবে উদ্বোধন কৰে তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভাই ৷ শিহুৰ বিচৰণস্থল পৰিদৰ্শনৰ বাবে নৌকাবিহাৰৰ বিশেষ ব্যৱস্থা থকা এই স্থানত বনভোজৰ আনন্দ লোৱাৰ লগতে নৈসৰ্গিক শোভা উপভোগ কৰিব পাৰিব ৷

এই অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্য বন সংৰক্ষক ড° অমৃত সহায়, কাজিৰঙাৰ সঞ্চালক পি চিবকুমাৰ আৰু শোণিতপুৰৰ উপায়ুক্ত ভুপেশ কুমাৰ দাসে তেজপুৰৰ পৰ্যটনৰ প্ৰচুৰ সম্ভৱনাৰ কথা দোহাৰে ৷ দেশৰ সুৰক্ষাৰ বাবে অতি গুৰুত্বপূৰ্ণ পানীৰ তলৰ সুৰংগ নিৰ্মাণৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে শোণিতপুৰ জিলাৰ আৰক্ষী অধীক্ষক ডাঃ ধনঞ্জয় ঘনাৱটে। পৰ্য্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হ’ব এই Under Water Tunnel

AssamDA News PlusTezpurtourist place
Comments (0)
Add Comment