কি কি বিষয়ে ঠাই পালে ৫সমষ্টিৰ উপ-নিৰ্বাচনী প্ৰচাৰত?

ডিজিটেল ডেস্কঃ অন্ত পৰিল উপ-নিৰ্বাচনৰ প্ৰচাৰ অভিযান ৷ পাঁচ সমষ্টিৰ উপ-নিৰ্বাচনী বতাহ গৰম কৰিলে শাসক-বিৰোধীৰ হাইপ্ৰফাইল নেতাই ৷ নিৰ্বাচন আহিব, নিৰ্বাচন যাব ৷ থাকি যাব নেতা-মন্ত্ৰীৰ হিট ডাইলগ ৷ কিন্তু কি ডাইলগে আখ্যা পালে ছুপাৰ হিট?

প্ৰায় পষেকজুৰি চলিল ৰাজ্যৰ পাঁচ সমষ্টিৰ উপনিৰ্বাচনৰ প্ৰচাৰ। হাইপ্ৰফাইল নেতাৰ প্ৰচাৰ অভিযানৰ নতুন নতুন ষ্টাইলে আকৰ্ষণীয় কৰি তুলিলে পাঁচ সমষ্টিৰ উপনিৰ্বাচন। মুখে মুখে চলিল নতুন নতুন প্ৰসংগ।
প্ৰচাৰৰ অন্যতম হিট
‘গাইগৰু আৰু গাখীৰ’

তামুলপুৰ-গোসাঁইগাঁৱত ‘গাই-বলধ’
এইবাৰৰ নিৰ্বাচন হিট কৰিলে গাই-বলধৰ প্ৰসংগই। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিৰোধী ৰাজনৈতিক নেতা-প্ৰাৰ্থীক গাখীৰ নিদিয়া গৰুৰ সৈতে তুলনা কৰাৰ পাছৰে পৰা শাসক-বিৰোধীৰ অন্যতম হিট ডাইলগ হৈ পৰিল
গাখীৰ দিয়া আৰু গাখীৰ নিদিয়া গৰুৰ আখ্যান
জাতীয় প্ৰশ্নৰূপে যেন অৱতাৰণা হ’ল
গাখীৰ কোনে দিয়ে?
ট্ৰেক্টৰে নে গৰুৱে?

আনহাতে, কোনেও ক’তোৱে কেতিয়াও নেদেখা হাঁহি দেখুৱালে নতুন বিজেপি ৰূপজ্যোতি কুৰ্মীয়ে। ৰূপজ্যোতিৰ হাঁহিৰ পাছত আজমলৰ কান্দোন।
এয়াও আন এক নিৰ্বাচনী চমক। আগে-পাছে নিৰ্বাচনী প্ৰচাৰ সভাত পানীত ফু মৰা আজমলে এইবাৰ সংযোজন কৰিলে চকুপানী। নিৰ্বাচনী প্ৰচাৰ সভাত চকুপানী টুকি চমক সৃষ্টি কৰাৰ চেষ্টা AIUDFৰ প্ৰধান বদৰুদ্দিন আজমলৰ।

campaignDA News PlusElection
Comments (0)
Add Comment