পাকিস্তানৰ হাতত পৰাজয়ৰ পাছত সমালোচনাৰ গ্লানিৰ পৰা মুক্ত হোৱা নাই টিম ইণ্ডিয়া

স্প’ৰ্টছ ডেস্কঃ পাকিস্তানৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়ৰ ভূতে খেদি ফুৰিছে টীম ইণ্ডিয়াক ৷ খেলখনৰ পোষ্টমৰ্টেমে দ্বিতীয় দিনাও শিৰোনাম দখল কৰিছে সংবাদমাধ্যমৰ৷ টীম ইণ্ডিয়াৰ সমালোচনা অব্যাহত আছে ছ’চিয়েল মিডিয়াতো ৷

পাকিস্তানৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়ৰ Postmortem অব্যাহত
হাৰ্ডিক পাণ্ডিয়াৰ দলভূক্তিক লৈ ব্যাপক প্ৰতিক্ৰিয়া অব্যাহত
বলাৰ মহম্মদ ছামিক কৰা ট্ৰ’লক সমালোচনা বিভিন্নজনৰ
পাকিস্তানৰ জয়ত আনন্দোৎসৱ কৰা যুৱকৰ বিৰুদ্ধে FIR

পাকিস্তানৰ বিৰুদ্ধে খেলা ভাৰতীয় অলৰাউণ্ডাৰ হাৰ্ডিক পাণ্ডিয়া খেলখনৰ পুৰ্বে সুস্থ আছিল নে? ফৰ্মত নথকা হাৰ্ডিক পাণ্ডিয়াক কিয় দলভুক্ত কৰা হ’ল? ৬ষ্ঠ বলাৰৰ ৰূপত হাৰ্ডিক পাণ্ডিয়াই এক অভাৰো বল কৰিবলৈ দিয়া নহ’ল কিয়? এনেবোৰ প্ৰশ্নই জুমুৰি দি ধৰিছে টীম ইণ্ডিয়াৰ মেনেজমেণ্টক৷ উল্লেখ্য যে খেলখনত বেট ধৰি ৮টা বলত ১১ ৰান আউট হৈছিল হাৰ্ডিক৷ বেট ধৰা অৱস্থাত আঘাতপ্ৰাপ্ত হোৱাত হাৰ্ডিকে পিছত ফিল্ডিং কৰিবলৈ সক্ষম নহ’ল ৷

প্ৰাক্তন পাক অধিনায়ক ইনজামামুল হ’কৰ সমালোচনা
হাৰ্ডিকক দলভুক্ত কৰাটোৱে আছিল ভাৰতৰ বাবে বৃহৎ ভুল
প্ৰাক্তন অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ ব্ৰেড হাডিনৰ সমালোচনা

অসুস্থ অৱস্থাতে হাৰ্ডিকক দলভুক্ত কৰা বুলি কঠোৰ সমালোচনা হোৱাৰ পাছত পৰৱৰ্তী খেলত দলে তেওঁক খেলাই নে নেখেলাই সেয়া হ’ব লক্ষণীয়৷ অৱশ্যে ইয়াৰ মাজতে খবৰ আহিছে

সুস্থ হৈ হাস্পতালৰ পৰা উভতিছে হাৰ্ডিক পাণ্ডিয়া
নিউজিলেণ্ডৰ বিৰুদ্ধে ২য়খন খেলৰ বাবে সাজু হাৰ্ডিক

পাকিস্তানৰ বিৰুদ্ধে টীম ইণ্ডিয়াৰ ১০ উইকেটত পৰাজয়ৰ অন্যতম কাৰক হিচাপে ছ’চিয়েল মিডিয়াত সমালোচিত হৈছে মহম্মদ ছামিৰ শোচনীয় বলিং৷

ছামিৰ সমৰ্থনত থিয় দিছে ৰাহুল গান্ধীও
গাভাস্কাৰ, তেণ্ডুলকাৰো ছামিৰ পক্ষত
পাক অ’পেনাৰ ৰিজৱানৰ মতেও ছামি বিশ্বৰ এজন শ্ৰেষ্ঠ বলাৰ

ইফালে টীম ইণ্ডিয়াৰ শোচনীয় পৰাজয়ৰ পিছত কাশ্মীৰত একাংশই পাকিস্তানৰ সৈতে আনন্দোৎসৱ পালন কৰে৷ শ্বেৰ-আই-কাশ্মীৰ ইনষ্টিটিউট অব মেডিকেল চায়েন্সেছ এণ্ড মেডিকেল কলেজৰ একাংশ ছাত্ৰই আনন্দত ফটকা ফুটুৱাৰ পিছত আৰক্ষীয়ে তেওঁলোকৰ বিৰুদ্ধে FIR দাখিল কৰে৷ কাশ্মীৰত এনে লোকৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লোৱা হ’ব বুলি সকীয়াই দিছে কাশ্মীৰ প্ৰশাসনে।

DA_News_PlusIcc t20 world cup
Comments (0)
Add Comment