বৰক্ষেত্ৰীৰ ২নং ঘোগাত নলবাৰী আৰক্ষীৰ অভিযান,বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেট, কফচিৰাপ জব্দ

ডিজিটেল ডেস্কঃ নলবাৰী সদৰ আৰক্ষী থানাৰ মহিলা উপ পৰিদৰ্শক আধুনিকা বৰুৱাৰ নেতৃত্বত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ দল এটিয়ে মঙ্গলবাৰে বৰক্ষেত্ৰীৰ ২নং ঘোগাত অভিযান চলায়। অভিযানত ৰমজান আলীৰ বাসগৃহৰ পৰা বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেট আৰু অবৈধভাৱে মজুত ৰখা কফচিৰাপ জব্দ কৰে ৷

উল্লেখ্য যে, নলবাৰী আৰক্ষীয়ে যোৱা ২৪ অক্টোবৰত নলবাৰীত নিচাজাতীয় টেবলেটসহ গ্ৰেপ্তাৰ কৰিছিল জাকিৰ আলী নামৰ এটা ড্ৰাগছ সৰবৰাহকাৰীক ৷ ধৃত ড্ৰাগছ সৰবৰাহকাৰীজনৰ বিৰুদ্ধে নলবাৰী সদৰ আৰক্ষী থানাত ৬৩১/২১ নম্বৰত গোচৰ ৰুজু কৰি ধৃত জাকিৰ আলীক সোমবাৰে নলবাৰী আদালতত হাজিৰ কৰি মহামান্য আদালতৰ পৰা দুদিনৰ বাবে আৰক্ষীৰ জিম্মাত লয় ৷ ধৃত জাকিৰ আলীৰ স্বীকাৰোক্তিৰ ভিত্তিতে নলবাৰী আৰক্ষীৰ মহিলা উপ পৰিদৰ্শক আধুনিকা বৰুৱাই মংগলবাৰে মুকালমুৱা থানাৰ অন্তৰ্গত ২নং ঘোগাত স্থানীয় গাঁওবুঢ়াক লগত লৈ ৰমজান আলীৰ বাসগৃহত অভিযান চলায়। এই অভিযানত ১৪৪০ টা টেবলেট আৰু ১২০ টা নিচাজাতীয় ঔষধৰ বটল উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷

DA News Plus
Comments (0)
Add Comment