পশু প্ৰেমৰ অনন্য নিদৰ্শন, কুকুৰৰ বাবে আটকধুনীয়াকৈ সাজিলে সমাধিক্ষেত্ৰ

ডিজিটেল ডেস্কঃ মানুহৰ অন্ত্যেষ্টিক্ৰিয়াৰ বাবে থাকে শ্মশান বা কবৰস্থান। কিন্তু পশু-পক্ষীৰ বাবে? সোণাপুৰৰ এগৰাকী ব্যক্তিৰ ব্যতিক্ৰমী পদক্ষেপ। মৰমৰ পোহনীয়া কুকুৰটোক সমাধিস্থ কৰিবৰ বাবে আটকধুনীয়াকৈ সাজিলে সমাধিস্থল।

একাংশ ব্যক্তিৰ মৰমৰ পোহনীয়া কুকুৰটিৰ মৃত্যুৰ স্মৃতি সজীৱ কৰাৰ অৰ্থে এই পদক্ষেপ লোকজনৰ। অসমত প্ৰথমবাৰৰ বাবে নিৰ্মাণ হৈছে এনে সমাধিক্ষেত্ৰ।

ইতিমধ্যে এই স্থানত ১০ টাকৈ কুকুৰৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হৈছে। লোকজনে এই পদক্ষেপৰ জৰিয়তে পশু প্ৰেমৰ অনন্য নিদৰ্শন দাঙি ধৰিছে।

DA News Plus
Comments (0)
Add Comment