হঠাৎ কিয় কাজিৰঙাৰ এনিমেল কৰিড’ৰত প্ৰশাসনৰ তৎপৰতা?

ডিজিটেল ডেস্কঃ কাজিৰঙাৰ ৯টা এনিমেল কৰিড’ৰত প্ৰশাসনৰ তৎপৰতা। ৯টা এনিমেল কৰিড’ৰত সকলো নিৰ্মাণকাৰ্য বন্ধ। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পিছত কাজিৰঙাত তৎপৰতা।কলিয়াবৰৰ ৭টা এনিমেল কৰিড’ৰত ১৪৪ ধাৰা জাৰি। বন্যপ্ৰাণী সংৰক্ষণৰ বাবে কলিয়াবৰ প্ৰশাসনৰ তৎপৰতা।

কলিয়াবৰৰ বাগৰি, হাৰমতী, কাঞ্চনজুৰিত ১৪৪ ধাৰা। হাতীদণ্ডী, ডেওচুৰ, চিৰাং, আমগুৰিতো ১৪৪ ধাৰা জাৰি।১৪৪ ধাৰা জাৰি কৰিছে মহকুমাধিপতি পৱিত্ৰ কুমাৰ দাসে। চৰকাৰী অথবা ব্যক্তিগত ভূমিত নিষিদ্ধ হৈছে নিৰ্মাণকাৰ্য। কৰিড’ৰৰ আশে-পাশে গধুৰ বা লঘু বাহন ৰখোৱা নিষিদ্ধ।

উচ্চ ক্ষমতাসম্পন্ন বিজুলী চাকিৰ ব্যৱহাৰ উচ্চ ক্ষমতাসম্পন্ন শব্দৰ প্ৰয়োগ সম্পূৰ্ণ নিষিদ্ধ কৰা হৈছে। ১৪৪ ধাৰা ভংগ কৰিলে লোৱা হ’ব আইনগত ব্যৱস্থা।

DA News PlusKaziranga
Comments (0)
Add Comment