দেওবাৰে বহু প্ৰতীক্ষিত হাইভল্টেজ ভাৰত-পাকিস্তানৰ খেল

ডিজিটেল ডেস্কঃ চিৰবৈৰী ভাৰত-পাকিস্তানৰ খেল মানেই তীব্ৰ উত্তেজনা ৷ দুবছৰৰ মূৰকত পৰস্পৰৰ বিৰুদ্ধে মিলিত হ’ব দুই চিৰন্তন প্ৰতিদ্বন্দ্বী ভাৰত আৰু পাকিস্তান ৷ গ্ৰুপৰ লীগৰ খেলখনৰ টিকট মুকলিৰ দিনাই প্ৰথম এঘণ্টাতে এই বহু প্ৰতীক্ষিত খেলখনৰ টিকট শেষ হৈ গৈছিল৷

দেওবাৰৰ খেলখনৰ উভয় দলে প্ৰতিপক্ষক ধৰাশায়ী কৰিবৰ বাবে কৌশল ৰচনা কৰিছে ৷ ভাৰতৰ হৈ প্ৰথম তিনিটা স্থানত ৰোহিত শৰ্মা, কে এল ৰাহুল আৰু বিৰাট কোহলি নিশ্চিত ৷ সূৰ্য কুমাৰ যাদৱ আৰু ঈষাণ কিষাণৰ মাজত কোনে দলত স্থান পায় সেয়া হ’ব লক্ষণীয়৷ একেদৰে ৰবীন্দ্ৰ যাদৱ আৰু ৰবিচন্দ্ৰন অশ্বিনৰ মাজত কোহলিয়ে কাক বিশ্বাসত লয় সেয়া এতিয়াও জানিব পৰা হোৱা নাই৷ আনহাতে দলত স্থান পালে হাৰ্ডিক পাণ্ডিয়াই বলিং কৰে নে নকৰে, সেয়া এতিয়া অনিশ্চিত৷ অৱশ্যে দলৰ উইকেট ৰক্ষক ৰূপে ঋষভ পণ্ট, আৰু বলাৰৰ ৰূপত জছপ্ৰীত বুমৰা আৰু মহম্মদ স্বামীৰ স্থান একপ্ৰকাৰ নিশ্চিত৷

পাকিস্তান দলে খেলখনৰ বাবে শনিবাৰেই ১২জনীয়া দল ঘোষণা কৰিছে৷ বাবৰ আজম নেতৃত্বাধীন দলটোৰ পৰা মহম্মদ নৱাজ, মহম্মদ ৱাছিম জুনিয়ৰ আৰু ছাৰফৰাজ আহমেদ বাদ পৰিছে৷ দলত অন্তৰ্ভুক্ত হৈছে ছোয়াব মালিক আৰু মহম্মদ হাফিজৰ দৰে প্ৰবীণ খেলুৱৈ অন্তৰ্ভুক্ত হৈছে৷

বিশ্বকাপত এতিয়ালৈকে ভাৰতক পৰাভূত কৰিব পৰা নাই পাকিস্তানে পূৰ্বৰ চাৰিওখন খেলত পাকিস্তানক পৰাস্ত ভাৰতৰ দেওবাৰে সন্ধিয়া ভাৰতীয় সময় ৭.৩০ বজাত আৰম্ভ হ’ব খেলখন
ইতিমধ্যে ৱাৰ্ম আপ খেলত ইংলেণ্ড আৰু অষ্ট্ৰেলিয়াক পৰাভূত কৰি আত্মবিশ্বাসী হৈ উঠিছে কোহলি নেতৃত্বাধীন টীম ইণ্ডিয়া৷ ইয়াৰ বিপৰীতে অনুশীলনমূলক খেলত পাকিস্তানে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে জয়ী হোৱাৰ বিপৰীতে পৰাস্ত হৈছে দক্ষিণ আফ্ৰিকাৰ হাতত৷ দেওবাৰে ডুবাইত কোনে মাৰিব শেষ হাঁহি এতিয়া লাখটকীয়া প্ৰশ্ন যদিও কোহলি বাহিনীৰ হাতত বাবৰ আজম বাহিনী পৰাভূত হ’ব বুলি দুৰন্ত আশাবাদী ভাৰতীয় ক্ৰিকেট দল৷

CricketDA News PlusIndiaPakistan
Comments (0)
Add Comment