ব্ৰিটেইনৰ সেনা মুৰব্বী নিকোলাছ কাৰ্টাৰ বৰ্তমান ভাৰতত,তিনিদিনীয়া ভ্ৰমণসূচীৰে দিল্লীত নিকোলাছ কাৰ্টাৰ

ডিজিটেল ডেক্সঃ ব্ৰিটেইনৰ সেনা মুৰব্বী নিকোলাছ কাৰ্টাৰ বৰ্তমান ভাৰতত৷ তিনিদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিছে জেনেৰেল নিকোলাছ কাৰ্টাৰ৷ দিল্লীত আনুষ্ঠানিকভাৱে আদৰণি জনোৱা হ’ল জেনেৰেল কাৰ্টাৰক৷ ভাৰতৰ সেনা মুৰব্বী জেনেৰেল বিপিন ৰাৱাটক সাক্ষাৎ কৰি দুয়ো দেশৰ মাজত প্ৰতিৰক্ষাৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ বিষয়ে আলোচনা কৰে জেনেৰেল কাৰ্টাৰে৷

কাৰ্টাৰৰ এই ভ্ৰমণৰ পিছতে ভাৰত আৰু ব্ৰিটেইনৰ সেনা বাহিনীয়ে যৌথ অনুশীলন কৰিব আৰৱ সাগৰত৷ ইতিমধ্যে ব্ৰিটেইনৰ জাহাজ, যুঁজাৰু বিমান, হেলিকপ্টাৰসহ সেনাৰ দল উপস্থিত হৈছেহি ভাৰতত৷

BritainDA News PlusDelhi
Comments (0)
Add Comment