বন্দুক এৰি কিয় ধনু-কাঁড়-যাঠি হাতত তুলি ল’লে আৰক্ষীয়ে

ডিজিটেল সংবাদ, নগাঁওঃ আৰক্ষীৰ ভাওনা ৷ বন্দুক এৰি আৰক্ষীৰ দলে হাতত তুলি ল’লে ধনু-কাঁড়-যাঠি ৷ নগাঁও আৰক্ষী ছাউনিত বৃহস্পতিবাৰে নিশা অনুষ্ঠিত হয় ভাওনা ৷ লক্ষ্মীপূজাৰ পিছত নগাঁও আৰক্ষীয়ে প্ৰতিবাৰেই আয়োজন কৰি আহিছে ভাওনা ৷ এইবাৰো তাৰ ব্যতিক্ৰম নহ’ল ৷ প্ৰদৰ্শন কৰিলে ‘অশ্বত্থমা বধ’ ভাওনা ৷ এই ভাওনা উদ্বোধন কৰিলে আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই ৷

উল্লেখ্য যে, নিজৰ কৰ্মদক্ষতাৰ বাবে জনপ্ৰিয় হোৱা আনন্দ মিশ্ৰই সবল নেতৃত্ব দিছে নগাঁও আৰক্ষীক। কৰায়ত্ত কৰিছে বহু কুখ্যাত অপৰাধী। কিন্তু এইবাৰ ব্যতিক্ৰম ৰূপত আনন্দ মিশ্ৰ বাহিনী,অত্যাধুনিক একে-৪৭, এছএলআৰ ৰাইফল, ছাবমেচিন গান, পিষ্টল আদি অস্ত্ৰ এৰি ধনু-কাঁড় হাতত তুলি ল’লে আৰক্ষীয়ে। নগাঁও আৰক্ষী ছাউনীত এক ব্যতিক্ৰমী ৰূপত দেখা গ’ল আৰক্ষীৰ জোৱানসকলক।

অসমীয়া ভাওনাৰ বাবে নগাঁও আৰক্ষীৰ এই নতুন ৰূপ। প্ৰতিবছৰে লক্ষী পূজাৰ পিছদিনা নগাঁও আৰক্ষীয়ে অনুষ্ঠিত কৰি আহিছে অসমীয়া ভাওনা। এইবাৰো নগাঁও আৰক্ষীৰ জোৱানসকলে মঞ্চস্থ কৰিলে ‘ অশ্বত্থমা বধ’ নামৰ অংকীয়া নাটখন। আৰক্ষীৰ অভিনয় চাবলৈ নগাঁও আৰক্ষী ছাউনীৰ প্ৰেক্ষাগৃহত সমাগম ঘটিল বহু দৰ্শকৰ।

নগাঁও আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই শুভ উদ্বোধন কৰা অসমীয়া ভাওনাখনত সুন্দৰ অভিনয় প্ৰদৰ্শন কৰে নগাঁও আৰক্ষীৰ বিষয়া তথা জোৱানসকলে। দৰ্শকৰ বিপুল সমাদৰ লাভ কৰে আৰক্ষীৰ অভিনয়ে।

Assam PoliceBhaonaDA News Plus
Comments (0)
Add Comment