ৰাজ্যত পুনৰ বৃদ্ধি পাইছে ক’ভিড, শংকিত GMCHৰ অধীক্ষক অভিজিৎ শৰ্মা

ডিজিটেল ডেস্কঃ ৰাজ্যত পুনৰ বৃদ্ধি পাইছে ক’ভিড৷ ক্ৰমাৎ বৃদ্ধি পোৱা ক’ভিডক লৈ শংকিত হৈ পৰিছে GMCHৰ অধীক্ষক অভিজিৎ শৰ্মা৷ উল্লেখ্য যে মঙলবাৰে ৰাজ্যত ক’ভিড ৰোগীৰ সংখ্যা ৩৫৩লৈ বৃদ্ধি হৈছে৷ সেইদৰে কামৰূপ মেট্ৰ’তো ১৫২লৈ বৃদ্ধি হৈছে ক’ভিড ৰোগীৰ সংখ্যা৷ ক’ভিডৰ এই সংক্ৰমণক লৈ আগন্তুক দিনত দুৰ্গাপূজাৰ দৰে পৰিৱেশ সৃষ্টি নকৰিবলৈ ৰাজ্যবাসীক আহ্বান জনাইছে GMCHৰ অধীক্ষক অভিজিৎ শৰ্মাই৷

মাত্ৰ ১০টা দিনৰ ভিতৰতেই ৮৭০গৰাকী ক’ভিড ৰোগী চিনাক্ত হোৱা মহানগৰীত পূজাত হোৱা সমাগমৰ বাবেই এই পৰিস্থিতিৰ সৃষ্টি হৈছে বুলি মন্তব্য কৰে অধীক্ষকগৰাকীয়ে৷ আনহাতে অনাগত দিনত ক’ভিড প্ৰতিহত কৰিবলৈ GMCHত চিকিৎসক, নাৰ্ছ তথা বিচনাকে ধৰি যাৱতীয় সকলো সামগ্ৰী মজুত আছে বুলিও উল্লেখ কৰে অধীক্ষক অভিজিৎ শৰ্মাই৷

CovidDA News PlusGMCHGuwahati
Comments (0)
Add Comment