বিতৰ্কত বেহাৰবাৰী আউট পোষ্টৰ জনপ্ৰিয় অভিনেতা মোহন

ডিজিটেল সংবাদ চামগুৰিঃ শংকৰ উৎসৱৰ লগত সংগতি ৰাখি নগাঁৱৰ পুৰণিগুদামৰ কহালিগাঁৱত অনুষ্ঠিত হৈছিল ‘সমুদ্ৰ মন্থন’ নামৰ অংকীয়া ভাওনাখন৷ ভাওনাখনৰ এটা দৃশ্যাংশই সৃষ্টি কৰিছে তীব্ৰ বিতৰ্কৰ৷ মোহিনীৰূপী মোহনে অসুৰক চুম্বন কৰা এটা দৃশ্য ভাইৰেল হৈ পৰাৰ লগে লগে স্তম্ভিত হৈ পৰিছে ৰাজ্যৰ সংস্কৃতিপ্ৰেমী৷ তদুপৰি অভিনেতা দ্বীপজ্যোতি কেওটৰ নৃত্যকো সমালোচনা একাংশৰ । মোহিনীৰূপী দ্বীপজ্যোতি কেওটৰ লগতে আয়োজকক ক্ষুৰধাৰ সমালোচনা কৰিছে বিভিন্নজনে৷

অৱশ্যে এই বিতৰ্কৰ পিছত অনিচ্ছাকৃত ভুলৰ বাবে দুখ প্ৰকাশ কৰি সংবাদ মাধ্যমত ৰাজহুৱা ক্ষমা খুজিলে মোহিনীৰূপী দ্বীপজ্যোতি কেওটে। দ্বীপজ্যোতি কেওটে স্পষ্ট কৰা অনুসৰি অশালীন যেন লগা দৃশ্যটো অৱশ্যে চুম্বনৰ নাছিল, কাণে কাণে দিয়া প্ৰেম প্ৰস্তাৱহে আছিল। ভাওনা সংস্কৃতিক অপমান কৰা মোৰ ধৃষ্টতা নাই বুলিও মন্তব্য দ্বীপজ্যোতি কেওটৰ।

ActorControversyDA News Plus
Comments (0)
Add Comment