এজাক বৰষুণে উন্নয়নৰ স্বৰূপ উদঙালে স্মাৰ্ট চিটি গুৱাহাটীৰ

ডিজিটেল ডেস্কঃ এজাক বৰষুণে উটুৱাই নিলে মহানগৰীৰ আভিজাত্য। দীৰ্ঘসময়ৰ বৰষুণত বিধ্বস্ত হৈ পৰে মহানগৰীৰ জনজীৱন। মঙলবাৰে অহা এজাক বৰষুণৰ পিছতে সৃষ্টি হোৱা কৃত্ৰিম বানত ডুবিল চানমাৰি, হাতীগাঁও, জুৰোড, ফাঁচীবজাৰৰ লগতে মহানগৰীৰ বিভিন্ন প্ৰান্ত। উল্লেখ্য যে, মালিগাঁৱতো একাঁঠু পানীত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় পথাচাৰীৰ মাজত।

বানপানীৰ ফলত বহু সময় ধৰি বিভিন্ন প্ৰান্তত বহু লোক আবদ্ধ হৈ থাকিব লগা হয়। পৰিস্থিতি এনে পৰ্যায়লৈ যায় যে, ৩৭নং ৰাষ্ট্ৰীয় ঘাই পথতেই বহু সময় ধৰি আবদ্ধ হৈ থাকিব লগা হয় ৰোগীসহ এখন এম্বুলেঞ্চ। একেদৰে কোনো কোনো ঠাইত মাজৰাস্তাতে পানীৰ ফলত বিকল হৈ আবদ্ধ হৈ পৰে বহু বাহন।

দীৰ্ঘদিনৰ উৎকত গৰমৰ পৰা পৰিত্ৰাণ পাবৰ বাবে এজাক বৰষুণৰ অপেক্ষাত আছিল মহানগৰবাসী। কিন্তু মঙলবাৰে অহা বৰষুণ জাকে স্বপ্ন ভংগ কৰি জ্বলা-কলা খুৱালে মহানগৰবাসীক।

DA News PlusFloodGuwahati
Comments (0)
Add Comment