গুৱাহাটী প্ৰেছ ক্লাবত মুকলি ‘ক্ষণচৰ’ৰ পোষ্টাৰ

ডিজিটেল ডেস্কঃ দীৰ্ঘদিনৰ মূৰত পুনৰ অসমীয়া ছবি জগতলৈ ঘূৰি আহিছে ভাল দিন। ছবি নিৰ্মাতা সকলে পুনৰ ছবি নিৰ্মাণৰ বাবে সাজু হৈছে মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাবত মুকলি কৰা হয় ‘ক্ষণচৰ’ নামৰ অসমীয়া নৱতম ছবিখনৰ পোষ্টাৰ আৰু ট্ৰেইলৰ ৷

পোষ্টাৰ আনুষ্ঠানিকভাৱে মুকলি কৰে অভিনেতা যতীন বৰাই ৷ পোষ্টাৰ মুকলি অনুষ্ঠানত উপস্থিত থাকে বৰ্ষীয়ান অভিনেতা কুলদা কুমাৰ ভট্টাচাৰ্য, প্ৰসেনজিতকে আদি কৰি ছবিখনৰ কলা-কুশলী ৷ নৱেম্বৰত মুকলি পাব লগা ছবিখন ককা আৰু নাতিৰ গ্ৰাম্য জীৱনৰ এক কাহিনীৰ ওপৰত নিৰ্মান কৰা হৈছে ৷

AssamesefilmDA News PlusGuwahatiJatin BoraPress Club
Comments (0)
Add Comment