ভাল দিন ঘূৰি আহিছে কাজিৰঙালৈ, অক্টোবৰৰ প্ৰথম পষেকত আহিল ১০ হাজাৰ দৰ্শনাৰ্থী

ডিজি়টেল সংবাদ কাজিৰঙাঃ লাহে লাহে ভাল দিন আহিছে কাজিৰঙালৈ৷ ক’ভিডৰ দ্বিতীয় ঢৌৰ পাছত দীৰ্ঘদিন ধৰি বন্ধ হৈ থকা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পুনৰ মুকলি কৰি দিয়া হৈছে পৰ্যটকৰ বাবে ৷ ইয়াৰ পাছতে পৰ্যটকৰ সোত বৈছে ৰাষ্ট্ৰীয় উদ্যানখনলৈ ৷ পূৰ্বতকৈ অধিক পৰ্যটক আহিছে উদ্যানখনলৈ৷

অক্টোবৰৰ ১ তাৰিখৰ পৰা পৰ্যটকৰ বাবে মুকলি হৈছিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান । উদ্যান মুকলিৰ পিছত কাজিৰঙালৈ সোত বৈছে পৰ্যটকৰ। বৰ্তমানলৈ কাজিৰঙা দৰ্শন কৰা পৰ্যটকৰ সংখ্যা ১১০০০। সাধাৰণতে অক্টোবৰ মাহত ৯ ৰ পৰা ১০ হাজাৰ পৰ্যটকে দৰ্শন কৰে কাজিৰঙা কিন্তু এইবাৰ অক্টোবৰ মাহৰ মাজভাগতে ১০ হাজাৰৰো অধিক পৰ্যটকে কাজিৰঙা দৰ্শন কৰিলে যি নিশ্চয়কৈ এক আশাৰ বতৰা।

উল্লেখ্য যে পৰ্যটকৰ বাবে কেৱল কহঁৰা আৰু বাগৰী বনাঞ্চলহে মুকলি কৰা হৈছিল যদিও অহা সপ্তাহৰ পৰা বুঢ়াপাহাৰ আৰু অগৰাতলী বনাঞ্চলো পৰ্যটকৰ বাবে মুকলি হ’ব বুলি প্ৰকাশ কৰে উদ্যানখনৰ সঞ্চালক পি শিৱকুমাৰে। সঞ্চালকগৰাকীৰ মতে, অহা নবেম্বৰ মাহত আন্তৰাষ্ট্ৰীয় বিমান সেৱা সুচাৰুৰূপে চলিলে কাজিৰঙালৈ পৰ্যটকৰ আগমন আৰু অধিক হ’ব পাৰে বিশেষকৈ বিদেশী পৰ্যটক ৰ সংখ্যা বৃদ্ধি হ’ব পাৰে।

অহা ১ নবেম্বৰৰ পৰা কাজিৰঙাত মুকলি হ’ব হাতী চাফাৰী লগতে পৰ্যটকৰ বাবে মুকলি হ’ব এলিফেন্ট ফিডিং চেন্টাৰো।কহঁৰাৰ মিহিমুখত পৰ্যটকে হাতীৰ গতিবিধি, খাদ্য খোৱা প্ৰণালী আদি প্ৰত্যক্ষ কৰিব পাৰিব।ক’ভিডৰ প্ৰথম আৰু দ্বিতীয় ঢৌৰ পিছত পৰ্যটকৰ এনে সহাৰিয়ে পৰ্যটন উদ্যোগ ক টনকীয়াল কৰিব বুলি আশাবাদী সকলো।

DA News Pluskaziranga Tourist
Comments (0)
Add Comment