শৈশৱৰ স্মৃতি বিচাৰি তিনিচুকীয়াৰ ফিল’বাৰীত এজন ব্ৰিটিছ লোক

ডিজিটল ডেস্কঃ শৈশৱৰ স্মৃতি বিচাৰি তিনিচুকীয়াৰ ফিল’বাৰীত এজন ব্ৰিটিছ লোক। শৈশৱৰ ৭টা বছৰ কটোৱা ফিল’বাৰী চাহ বাগিচাত উপস্থিত হৈ আৱেগিক হৈ পৰিল চিমন পিটাৰ নামৰ এই লোকজন৷ ১৯৬৭-৭২ চনলৈ পিটাৰৰ পিতৃ এই বাগিচাখনৰ মেনেজাৰ আছিল৷ তেওঁ বিয়া কৰাইছিল এগৰাকী নগা নাৰ্ছক৷

চাবুৱাৰ মিছনেৰী হাস্পতালত জন্ম হৈছিল পিটাৰৰ৷ একালত পিতৃ-মাতৃৰ সৈতে বাস কৰা বাগিচাৰ বাংলোটোত সোমাই অতীত ৰোমন্থন কৰিলে পিটাৰে৷ ৰে’লেৰে ৰাওনা হ’ল ডিমাপুৰত থকা মোমায়েকৰ ঘৰলৈ৷ অতি সোনকালেই ভাতৃ-ভগ্নীক লৈ আকৌ এবাৰ ফিল’বাৰীলৈ অহাৰ ইচ্চা প্ৰকাশ কৰিলে পিটাৰে৷

british man in assamDA News Plus
Comments (0)
Add Comment