তুলসীৰ তলে তলে মৃগ পহু চৰে তাকে দেখি ৰামচন্দ্ৰই হৰ ধনু ধৰে, আজি কাতি বিহু

ডিজিটেল ডেস্কঃ কাতি বিহু পালনত ব্যস্ত ৰাজ্যৰ চৌদিশ। অসমীয়া সমাজ জীবনৰ কৃষিৰ লগত জড়িত এই বিহু আহিন মাহৰ সংক্ৰান্তিত পালন কৰা হয়। অতীতৰে পৰা অসমীয়া চহা কৃষক সকলে এই বিহুক আনন্দ-উল্লাসৰ বিপৰীতে অনুষ্টুপীয়াকৈ পালন কৰি আহিছে। উল্লেখ্য যে, বছৰৰ এই সময়ত মানুহৰ মাজত অভাৱ-অনাতনে দেখা দিয়ে । কৃষক সকলৰ ভঁৰালৰ ধান উদং হয়। সেয়েহে ন লখিমীক আদৰাৰ বাবে পুৱাৰে পৰা গৃহিণীসকলে ঘৰ-দুৱাৰ পৰিস্কাৰ কৰে।

লগতে ধাননি পথাৰত আকাশ বন্তি প্ৰজ্বলন কৰে আৰু গৃহস্থই সেৱা জনায়। জনবিশ্বাস অনুসৰি এই সময়ছোৱাত খেতি পথাৰত ধানে গেৰ মেলে, শস্যৰ ফুল ধৰে, ইয়াৰ লগে-লগে শস্য নষ্টকাৰী কীট-পতংগৰ উৎপত্তি হয়। এই কীট-পতংগই যাতে খেতি পথাৰ সমূহ নষ্ট কৰিব নোৱাৰে তাৰ বাবে বন্তি প্ৰজ্বলন কৰি সেৱা জনায়। গধূলী তুলসীৰ তলত, ভঁৰাল ঘৰত চাকি-বন্তি জ্বলায় অপায়-অমংগল দুৰ কৰাৰ বাবে গৃহস্থই নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনায়।

DA News PlusKati Bihu
Comments (0)
Add Comment