আলাস্কাত ভাৰত-আমেৰিকা সেনা বাহিনীৰ মাজত প্ৰীতিমেচ

ডিজিটেল ডেস্কঃ দেশ ৰক্ষাৰ স্বাৰ্থত নিয়োজিত ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেনাবাহিনীৰ মাজত শনিবাৰে অনুষ্ঠিত হ’ল প্ৰীতিমেচ। কাবাডী, আমেৰিকান ফুটবল, ছ’কাৰ আৰু ভলীবলত অংশ ললে সীমান্ত ৰক্ষাৰ অতন্দ্ৰ প্ৰহৰীসকলে। ভাৰতীয় সেনাই সদৰি কৰা অনুসৰি, ভাৰত আৰু আমেৰিকাৰ সেনা বাহিনীৰ জোৱানসকলে মূলত ৪ টা মিশ্ৰিত দলত ভাগ হৈ ক্ৰীড়াত অংশ লয়। ভাৰতীয় সেনাৰ জোৱানসকলে আমেৰিকাক আমেৰিকা ফুটবলত সহায় কৰাৰ সমান্তৰালকৈ আমেৰিকাৰ সেনা জোৱানসকলে ভাৰতক কাবাডীত সহাৰি আগবঢ়ায়।

তেওঁলোকৰ এই প্ৰীতি মেচ বিভিন্ন জনৰ দৃষ্টিত কেৱল একো-একোখন খেল হিচাপে ধৰা দিলেও ইয়াৰ জৰিয়তে দুয়োখন দেশৰ সেনাবাহিনীৰ জোৱানসকলৰ পৰস্পৰৰ মাজত চিনাকি হোৱাত সহায়ক হয়। ভাৰত আৰু আমেৰিকাৰ সেনাবাহিনীৰ ১৭ সংখ্যক ‘Ex Yudh Abhyas 21’ প্ৰশিক্ষণৰ সময়তে এই প্ৰীতিমেচত দুয়োখন দেশে অংশ লয়। উল্লেখ্য যে, প্ৰীতিমেচ আৰু এই প্ৰশিক্ষণ অনুষ্ঠিত হয় আলাস্কাত। আমেৰিকাৰ তৰফৰ পৰা ১৪ দিনীয়া প্ৰশিক্ষণৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

American SoldiersDA News PlusIndian Army
Comments (0)
Add Comment