ভ্ৰাম্যমাণ থিয়েটাৰলৈ ক্ৰমাৎ ঘূৰি আহিছে পূৰ্বৰ সুদিন

ডিজিটেল ডেক্সঃ ভ্ৰাম্যমাণ থিয়েটাৰলৈ যেন ক্ৰমাৎ ঘূৰি আহিছে পূৰ্বৰ সুদিন৷ নলবাৰীৰ মুকালমুৱাত সাৰ্বজনীন দুৰ্গা পূজা সমিতিৰ আমন্ত্ৰণমৰ্মে চলি থকা ভ্ৰাম্যমাণৰ নাট প্ৰদৰ্শনত দৰ্শকৰ সঁহাৰি যথেষ্ট উৎসাহজনক দেখা গৈছে৷

যোৱানিশা উদয়ন থিয়েটাৰৰ নাটক চাবলৈ ভিৰ কৰিলে দৰ্শকে৷ দৰ্শকৰ এই সঁহাৰি দেখি এতিয়া উৎসাহিত হৈ পৰিছে অভিনেতা-অভিনেত্ৰীসকল৷

ইপিনে, কোভিড পৰিস্থিতিৰ বাবে নাটক চাবলৈ নাপাই দৰ্শকসকল অভিনেতা অভিনেত্ৰী সকলোতকৈও অধিক ভোকাতুৰ আছিল বুলি মন্তব্য কৰে অভিনেতা অঞ্জন জ্যোতি বেজে। ভ্ৰাম্যমাণৰ প্ৰতি ৰাইজৰ যি আবেগ জড়িত হৈ আছে সেয়াই মুকালমুৱাত বহিঃপ্ৰকাশ হল বুলি প্ৰকাশ অভিনেতা মৃদুল বৰুৱাৰ।

DA News PlusMUKALMUATheatre
Comments (0)
Add Comment