ব্ৰিটেইনত সাংসদক ছুৰীৰে আক্ৰমণ কৰি হত্যা

ডিজিটেল ডেক্সঃ ব্ৰিটেইনত সাংসদক ছুৰীৰে আক্ৰমণ কৰি হত্যা৷ কনজাৰভেটিভ দলৰ সাংসদ ছাৰ ডেইভিড আমেছে প্ৰাণ হেৰুৱালে এজন ২৫ বছৰীয়া যুৱকৰ ছুৰীৰ আঘাতত৷ এছেক্সৰ এটা গীৰ্জাত নিজৰ সমষ্টিৰ লোকৰ সৈতে কথা-বতৰা হৈ থকাৰ সময়তে ছাৰ ডেইভিডক ছুৰীৰে আক্ৰমণ কৰে যুৱকজনে৷ লগে লগে ঢলি পৰে তেওঁ৷ ততাতৈয়াকৈ তেওঁৰ চিকিৎসাৰ ব্যৱস্থা কৰা হয় যদিও ঘটনাস্থলীতে তেওঁৰ মৃত্যু ঘটে৷

আৰক্ষীয়ে ইতিমধ্যে আক্ৰমণকাৰী যুৱকজনক গ্ৰেপ্তাৰ কৰিছে৷ এই আক্ৰমণ সন্ত্ৰাসবাদমূলক বুলি সন্দেহ কৰিছে আৰক্ষীয়ে৷ ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীকে ধৰি বিভিন্ন নেতৃবৰ্গই গৰিহণা দিছে এই ঘটনাক৷

BritishDA News PluskilledMP
Comments (0)
Add Comment