পুনৰ আফগানিস্তানত চিয়া সম্প্ৰদায়ৰ মছজিদত বিস্ফোৰণ

ডিজিটেল ডেক্সঃ পুনৰ আফগানিস্তানত চিয়া সম্প্ৰদায়ৰ মছজিদত ISISৰ আত্মঘাতী বিস্ফোৰণ৷ জুম্মাৰ নামাজৰ মাজতে কান্দাহাৰত শুকুৰবাৰে চিয়া সম্প্ৰদায়ৰ মছজিদত বিস্ফোৰণ ঘটালে ISISৰ সন্ত্ৰাসবাদীয়ে৷ দুটা সন্ত্ৰাসবাদীয়ে মছজিদৰ পহৰীয়াক গুলীয়াই হত্যা কৰি নামাজ পঢ়ি থকা প্ৰায় ৩০০ লোকৰ মাজত ঘটালে বিস্ফোৰণ৷

এই আক্ৰমণত ৪৭জন লোক নিহত হোৱাৰ উপৰি আহত হ’ল শতাধিক লোক৷ যোৱা শুকুৰবাৰেও চিয়া সম্প্ৰদায়ৰ আন এটা মছজিদত একেদৰেই বিস্ফোৰণ ঘটাইছিল ISIS সন্ত্ৰাসবাদীয়ে৷ নিহত হৈছিল শতাধিক লোক।

AfganistanBlastDA News PlusMasjid
Comments (0)
Add Comment